এজনে হত্যা কৰিছিল, চাৰি-পাঁচজনে হত্যাত সহযোগ কৰিছিলঃ মুখ্যমন্ত্ৰী

Pc Syllad

ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এজনে হত্যা কৰিছিল, চাৰি-পাঁচজনে হত্যাত সহযোগ কৰিছিলঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা হত্যা কৰা হৈছিল ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মুখ্যমন্ত্ৰীয়ে কয়, ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক, এজনে হত্যা কৰিছে আৰু আনকেইজনে সহযোগ কৰিছে। ৪-৫জনে মিলি হত্যা কৰিছে জুবিন গাৰ্গক। মন কৰিবলগীয়া যে ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এছআইটিয়ে চলাই থকাৰ সময়তে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ হত্যা হৈছে। মুখ্যমন্ত্ৰীৰ এনে বিস্ফোৰণক লৈ যোৱা সময়ছোৱাত চলি থকা নানা প্রতিক্রিয়া আৰু চৰ্চাৰ মাজতে পুনৰ বিধানসভাত মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি ঘোষণা কৰে।বিধানসভাত বিৰোধীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা- জুবিন গাৰ্গৰ যে হত্যাকাণ্ড হৈছিল সেয়া প্ৰথম দিনাৰ পৰাই স্পষ্ট হৈছে। চলিত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ২০ ছেপ্টেম্বৰত চৰকাৰে এফআইআৰ পঞ্জীয়ন কৰে। অর্থাৎ প্রথমদিনাই আমাৰ সন্দেহ হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়। এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ কালতে অসম আৰক্ষী নিশ্চিত হয় যে এয়া সাধাৰণ মৃত্যু নহয়, এক পৰিকল্পিত হত্যাকাণ্ড। যাৰ বাবে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতত আবেদন কৰি এই ঘটনাক হত্যাকাণ্ড বুলি অৱগত কৰে আৰু উক্ত ঘটনাক ইতিপূর্বে বিএনএছৰ অধীনত পঞ্জীয়ন কৰা ধাৰা ৬১, ১০৫, ১০৬ৰ লগতে ১০৩ সংযোগ কৰিব লাগে। ইয়াৰ ওপৰত আদালতত বিতর্ক হয় আৰু বিতৰ্কৰ পিছত অসম আৰক্ষীৰ আবেদনক গ্রাহ্য কৰি আদালতে ধাৰা ১০৩ অন্তর্ভুক্ত কৰাৰ বাবে অনুমতি দিয়ে। অর্থাৎ জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল সেয়া প্রথম দিনটোৰ পৰাই নিশ্চিত হৈছিল। অসম আৰক্ষীয়ে আদালতত আবেদন কৰি উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু এক ষড়যন্ত্ৰ আৰু অমনোযোগিতাৰ ফলত হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত হোৱা প্ৰাৰম্ভিক তদন্তত অসম আৰক্ষী নিশ্চিত হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড। মন কৰিবলগীয়া যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ডৰ ফলত হোৱা বুলি মুখ্যমন্ত্রী ড° শৰ্মাই কৰা মন্তব্যক লৈ যোৱা সময়ছোৱাত বিৰোধীয়ে বিভিন্ন সমালোচনা কৰি আহিছিল। বিষয়টোক লৈ সৃষ্টি হৈ থকা বিতর্কক তুলি ধৰি  সদনত পুনৰ মুখ্যমন্ত্রী ড° শৰ্মাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা বুলি ঘোষণা কৰাই নহয়, এজনে হত্যা কৰিছিল আৰু আনকেইজনে সহযোগ কৰা বুলিও বিস্ফোৰক মন্তব্য কৰে। সদনত মুখ্যমন্ত্ৰীৰ মন্তব্য- জুবিন গাৰ্গৰ হত্যাৰ কাৰণটোৱেই হৈছে ধন-সম্পত্তি। জুবিন গাৰ্গৰ উপাৰ্জনৰ মূল উৎসসমূহে ইতিমধ্যে এই কথা স্পষ্ট কৰিছে। জুবিনক লৈ আমি ৰাজনীতি কৰিব খোজা নাই। অহা ৮ ডিচেম্বৰত এছআইটিয়ে এই হত্যাকাণ্ডৰ চার্জশ্বীট দাখিল কৰিব। এই অভিযোগনামা দাখিলৰ পিছতে পুনৰ আন এটা তদন্ত কৰাৰ বাবে এছআইটিক নির্দেশ দিয়া হৈছে। কিয়নো বহু কথা এই তদন্তত পোহৰলৈ আহিছে। দৰাচলতে জুবিন গাৰ্গক লৈ ঘটনাৰ আৰম্ভণিহে হৈছে। ক’ভিডৰ পূৰ্বৰে পৰা প্ৰায় ৮ বছৰ আগৰে পৰা কিদৰে জুবিনক লৈ এক ডাঙৰ ঘটনা চলি আছিল তাৰ প্ৰমাণ আমি ইতিমধ্যে লাভ কৰিছোঁ। সেই কাৰণে এছআইটিক কোৱা হৈছে ৮ ডিচেম্বৰত হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰক তাৰ পাছত পৰৱৰ্তী তদন্ত আৰম্ভ কৰক। আমাৰ জুবিনক জীৱিতকালত এজন লোকেও যদি অন্যায় কৰিছে সেই মানুহজন যাতে সাৰি যাব নোৱাৰে। আমি ইমান দূৰলৈ যাম বুলি সিদ্ধান্ত লৈছোঁ। সময়ে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱপ্ৰজন্মৰ হার্টথ্র’ব, আমাৰ মৰমৰ-আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ বাবে এইখন চৰকাৰে প্ৰচেষ্টা লৈছিল। জুবিন গাৰ্গক হত্যা সন্দর্ভত অধিক তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই সদনত পুনৰ কয়- এতিয়ালৈ জুবিনৰ মৃত্যুক লৈ আদালতত যিমানবোৰ আইনী প্রক্রিয়া চলিছে, যিমানসংখ্যক লোকৰ জবানবন্দী গ্ৰহণ কৰা হৈছে, জামিনৰ আবেদন দাখিল হৈছে, সেই সকলোবোৰ একমাত্র হত্যাকাণ্ডৰ ধাৰা ১০৩ সন্নিৱিষ্ট কৰাৰ বাবে। পৰিতাপৰ বিষয় যে এই বিষয়টো বিৰোধীয়ে অনুধাৱন কৰিব নোৱাৰাটো আচৰিত কথা। তাৰ পৰা ধাৰণা কৰিব পাৰি যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক জ্ঞান নাই। নহ’লে অন্ততঃ আদালতত গৈ জিম্মাত বিচৰা তথ্য তেওঁলোকে সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্রী ড° শর্মাই কয়- এই হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰাৰ পিছতে ৰাজ্যবাসীয়ে নিশ্চিতভাবে মনত দুখ পাব। কিয়নো, এই হত্যাকাণ্ডৰ ম’টিভটো গম পাই নিশ্চিতভাৱে দুখ পাব। এছআইটিয়ে এই তদন্তকালত সমগ্ৰ দিশটো পৰীক্ষা কৰি ২৫২জন সাক্ষীৰ জবানবন্দী গ্রহণ কৰা হৈছে। ৭জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজন হ’ল- সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। ১০জন এনআৰআইকে ধৰি আমি সকলো দিশ পৰীক্ষা কৰাৰ লগতে বহু তথ্যও লিপিবদ্ধ কৰিছোঁ। একে সময়তে এই তদন্তত সকলোৰে ম’বাইলৰ পৰা প্ৰয়োজনীয় ভিডিঅ’ জব্দ কৰা হৈছে। ৮ ডিচেম্বৰত এই সমগ্ৰ ঘটনাৰ সম্পূৰ্ণ সাক্ষী-প্রমাণসহ গুৱাহাটী আদালতত অভিযোগনামা দাখিল কৰা হ’ব। এই অভিযোগনামা দাখিলৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশক আবেদন কৰা হ’ব যাতে ইয়াৰ ন্যায়িক প্রক্রিয়া ফাষ্টট্রেক আদালতত সম্পন্ন কৰা হওক। অসম চৰকাৰে বিশেষ পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰি সমগ্র ঘটনাটোক অন্তিম স্তৰলৈ লৈ যোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যি কয়-এছআইটিয়ে অভিযোগ দাখিলৰ সময়ত যদি এই তদন্তত ভুল উলিয়াবলৈ চেষ্টা কৰা হয়, তেন্তে ইয়াৰ দ্বাৰা গুৱাহাটী উকীল সমাজক নস্যাৎ কৰা হ’ব। গুৱাহাটী উকীল সমাজে সিদ্ধার্থ আৰু শ্যামকানু মহন্ত বা আন অভিযুক্তক ন্যায় সাহায্য নিদিয়াৰ স্থিতি লৈছে। কিন্তু বিৰোধীয়ে পৰোক্ষভাৱে এই অভিযুক্তসকলক ন্যায়িক সাহায্য প্রদানৰ বাবে উঠিপৰি লাগিছে।  বিৰোধীৰ বক্তব্যৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক ন্যায়িক সাহায্য প্রদান কৰা হৈছে। এছআইটিৰ তদন্তত খুঁত উলিয়াই ভুল দেখুৱাই থকাটোৰ উদ্দেশ্য কি? মুখ্যমন্ত্ৰীৰ মন্তব্য- বিৰোধীৰ অভিপ্ৰায় কি? হত্যাকাণ্ড বুলি ক’লেও বেয়া পায় আৰু সম্পূৰ্ণ তদন্ত কৰাৰ পাছতো আপত্তি। এই তদন্ত যে সম্পূর্ণ শুদ্ধ দিশত গৈছে সেয়া কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনে স্পষ্ট কৰিছে। এই চৰকাৰখনৰ যদি সাহস নাথাকিলেহেঁতেন, তেন্তে ফাষ্টট্রেক আদালতত ন্যায় প্রক্রিয়া আগুৱাই নিয়াৰ দাবী নকৰিলেহেঁতেন। ফাষ্টট্রেক আদালতৰ ৰায় বিধানসভা নিৰ্বাচনৰ আগতো হ’ব পাৰে। সেয়েহে আমি সাহস কৰিছোঁ, কাৰণ এছআইটিয়ে যথেষ্ট গুণগত তদন্ত কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ। ইফালে, বিৰোধীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে সদন কমিটী গঠনৰ দাবী তোলা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- ৮ ডিচেম্বৰত এছআইটিয়ে অভিযোগনামা দাখিলৰ পাছত যদি সদনে ভাবে এই অভিযোগনামাখন ভুল, তেন্তে বিধানসভাই সদন কমিটী গঠন কৰিলে তাত আমাৰ আপত্তি নাথাকিব। কিন্তু প্রথম সুবিধা এছআইটিক দিব লাগিব। সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক ট্রেনজিট ৰিমাণ্ডত কিয় অনা নহ’ল বুলি প্রশ্ন তুলিছিল। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়- জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত অভিযুক্তক ট্রেনজিট ৰিমাণ্ডত কিয় অনা নহ’ল এই বিষয়টো তেওঁলোকক আইনী সাহায্য দিয়া অধিবক্তাইহে তুলিব লাগিছিল। কিন্তু বিৰোধীয়ে এই কথা উত্থাপন কৰি এই দুজনক আইনী সাহায্য দিব বিচাৰিছে নেকি? তদন্তৰ এই সময়ছোৱাত আমি অভিযুক্তৰ বিৰুদ্ধে এক গেম খেলিছিলোঁ যে তেওঁলোকক দুর্গাপূজাৰ সময়ত গ্ৰেপ্তাৰ নকৰোঁ। যাৰ বাবে এই অভিযুক্ত দুজন বাহিৰলৈ ওলাই আহিছে। আমি দোষীৰ লগত গেম খেলা বাবেহে ফলাফল পালোঁ। ক্রিমিনেলে আমাৰ গেমত ভৰি দি অলপ সময়ৰ বাবে অসতর্ক হোৱা কাৰণে গ্ৰেপ্তাৰ কৰিব পৰা গ’ল। জুবিন গাৰ্গৰ মৃত্যুৰ সকামৰ ১৩ দিনৰ দিনাই প্রায় সকলোকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আজিলৈ জে’লত আছে। তিনি মাহৰ মূৰত চাৰ্জশ্বীট নহ’লে তেওঁলোকে জামিনত যাব। আমি চাৰ্জশ্বীট দিলে অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব। সেইকাৰণে বিহু কমিটীক মতা হৈছে। আমি ৮ তাৰিখে চাৰ্জশ্বীট দিম।