ভব্য ৰাম মন্দিৰৰ গেৰুৱা ধ্বজা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অযোধ্যাৰ ৰাম মন্দিৰত ৰামৰাজ্যৰ প্ৰতীক স্বৰূপ বিশালাকাৰ পতাকা স্বয়ংক্রিয় ব্যৱস্থাৰে উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বছৰদিয়েক পূর্বে প্রাণ প্রতিষ্ঠা হৈছিল অযোধ্যাৰ ৰাম মন্দিৰত। পিছে তেতিয়ালৈ নির্মাণ সম্পূর্ণ হোৱা নাছিল হিন্দুধর্মী লোকসকলৰ পৰম আকাংক্ষিত ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাত মঙলবাৰে অযোধ্যাৰ আকাশত সগর্বে ধর্মধ্বজা। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, আৰএছএছ প্রধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দিবেন পেটেল আদি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ধ্বজাৰোহণ অনুষ্ঠানৰ পিছত এজন এজনকৈ আদিত্যনাথ, ভাগৱত আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিয়ে। আৱেগজড়িত মাতেৰে প্রধানমন্ত্রী মোদীয়ে কয়, ‘আজি সমগ্র পৃথিৱী ৰামময়। শত-শতাব্দীৰ ক্ষত আজি পূৰণ হ’ল। কত শতাব্দীৰ সংকল্পই আজি পূর্ণতা পালে। ৫০০ বছৰৰ যজ্ঞ আৰু সাধনাৰ ফল এই মন্দিৰ। ইমান বছৰ ধৰি এই যজ্ঞাগ্নি নির্বাপিত হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ধ্বজা কেৱল ধ্বজা নহয়। ই ভাৰতীয় সভ্যতাৰ নৱজাগৰণৰ প্রতীক। এই ধ্বজা সংকল্পৰ, সাফল্যৰ, সংঘৰ্ষৰ, স্বপ্ন পূৰণৰ। ভেদাভেদ তথা পীড়াৰ পৰা মুক্তি। প্ৰদানমন্ত্ৰী মোদীয়ে আহ্বান জনায় ‘ৰাম মন্দিৰলৈ আহিলে সকলোৱে সপ্তমণ্ডপমলৈ আহিব। এই মণ্ডপসমূহে বিশ্বাস, বন্ধুত্ব আৰু সামাজিক-সম্প্ৰীতিৰ বন্ধন সুদৃঢ় কৰিব।

আমাৰ ৰামে ভেদাভেদক নহয়, সম্ভাৱতহে প্রসন্ন হয়। বংশ-কুল নহয়, ভক্তিত প্রসন্ন হয়। আজি আমিও এই ভাৱনাৰেই আগবাঢ়িছোঁ। যোৱা ১১ বছৰে নাৰী, দলিত, আদিবাসী, বঞ্চিত, কৃষক, যুৱক সকলো বর্গকে বিকাশৰ কেন্দ্ৰত ৰখা হৈছে। এদিন দেশৰ সকলো ক্ষেত্ৰতে সকলো মানুহৰে বিকাশ হ’ব। সেই দিনলৈ বেছিদূৰ নাই। ইয়াৰ বাবে প্রয়োজন সকলোৰে সন্মিলিত প্রয়াসৰ। আমি এনে এখন সমাজ গঢ়িম য’ত কোনো দৰিদ্ৰ বা দুখ নাথাকিব।’ অহা ২০৪৭ চনৰ ভিতৰতে এই ‘বিকশিত ভাৰত’ গঢ়াৰ কাম সম্পূর্ণ হ’ব বুলি জনায় প্রধানমন্ত্রীয়ে। তেওঁ ইংগিত দিয়ে যে এই দেশখন গঢ়ি তোলা হ’ব ‘ৰামৰাজ্য’ৰ পৰা অনুপ্ৰেৰণালৈ। তেওঁ কয় যে আজিৰ দিনত অযোধ্যা মানৱতাৰ বিকাশৰ মডেল হৈ উঠিছে। কোটি কোটি মানুহ এই পুণ্যভূমিলৈ আহিছে। স্থানীয় লোকসকলৰ আয় বাঢ়িছে। ৰামভূমিৰ পৰা অনুপ্ৰেৰণা লৈয়ে ভাৰতে অচিৰেই পৃথিৱীৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে মূৰ দাঙি উঠিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পতাকা উত্তোলন কৰি প্ৰধানমনত্ৰী মোদীয়ে কয়, ‘প্রাণ যায় পৰ বছন নাযায়।’- এই বার্তা দিব ধৰ্মধ্বজাই। দৰিদ্ৰসকলৰ ওচৰত সমাজখন থিয় হোৱাৰ বাৰ্তাও দিব এই পতাকাই। অনুষ্ঠানত ভাষণ দি আৰএছএছৰ সৰসংঘচালক মোহন ভাগৱতে কয়, ‘ৰামৰাজ্যৰ ধ্বজা উৰিছে। ৰাম মন্দিৰৰ বাবে যিসকলে প্রাণ দিছিল- অশোক সিংঘল, ডালমিয়াৰ দৰে সাধু-সন্তসকলে আজি শান্তি পাইছে। মন্দিৰ নিৰ্মাণ হোৱাৰ বাবে বহু ঘাম-ৰক্ত সৰিছে। অৱশেষত নির্মাণ সম্পূর্ণ হৈছে। আগন্তুক সময়তো সমস্যা আহিব। কিন্তু সূর্যদেৱৰ ৰথ দৌৰিব। য’ত পথ নাই তাত কার্য সিদ্ধি হ’ব। সঠিক লক্ষ্যত উপনীত হ’ব সূর্যদেৱৰ ৰথ। ৰামলালা আহিছে, নিৰ্মাণ হৈছে মন্দিৰ। ধৰ্ম আৰু ত্যাগৰ সুফল সমগ্র বিশ্বতে বিয়পি পৰিব।’

ভাষণ প্রসংগত মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয়, ‘আমি কৈছিলোঁ ৰামলালা হম আয়েংগে, লাঠী-গলি খায়েংগে, মন্দিৰ অহি বনায়েংগে। আজি সেয়াই সত্য হ’ল। প্ৰধানমন্ত্ৰীৰ হাতেৰে আজি ধ্বজাৰোহণ হ’ল। অযোধ্যা এসময়ত অৰাজকতাৰ প্ৰতীক আছিল। আজি সেয়া সু-শাসনৰ প্রতীক। উল্লেখ্য যে উত্তোলন কৰা এই ধর্মধ্বজা বা পতাকাখন অতি তাৎপর্যপূর্ণ। ১০ ফুট বহল তথা ২০ ফুট দীঘল এই গেৰুৱা পতাকাখনত সূর্য, ওঁম চিহ্ন তথা দেৱকাঞ্চন গছৰ প্ৰতীক আছে। অতীতত এই প্রতীকসমূহ সূৰ্যবংশৰ পতাকাত ব্যৱহাৰ কৰা হৈছিল।নাগৰ স্থাপত্য ৰীতিত তৈয়াৰ কৰা এটা শিখৰৰ চূড়াত ৪২ ফুট ওখ দণ্ডৰ ওপৰত উত্তোলন কৰা হৈছে এই পতাকা। ৩ কিলোমিটাৰ দূৰৰ পৰাও তাক দেখিবলৈ পোৱা যাব। মঙলবাৰে পতাকা উত্তোলনৰ জৰিয়তে ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে সমাপ্ত হোৱা বুলি ঘোষণা কৰে মন্দিৰ কমিটীয়ে।
