ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্রহণ ন্যায়াধীশ সূর্যকান্তৰ

Pc Facebook

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্রহণ ন্যায়াধীশ সূর্যকান্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰে ন্যায়াধীশ সূর্যকান্তে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ কান্তক শপত বাক্য পাঠ কৰায় । দেওবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে অৱসৰ গ্ৰহণ কৰে ।শপতগ্রহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, আইনমন্ত্রী অর্জুন ৰাম মেঘৱাল আদি গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ১৪ মাহৰ কাৰ্যকাল হ’ব মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰা সূর্যকান্তৰ । দেশৰ ৫৩সংখ্যক মুখ্য ন্যায়াধীশগৰাকীয়ে ২০২৭ বৰ্ষৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব। ৰোহটকৰ মহাঋষী দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লৈ ১৯৮৫ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ওকালতি কৰা সূর্যকান্তে হাৰিয়ানাৰ মহাধিবক্তা হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰে। ২০০১ বৰ্ষত তেওঁ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে অধিষ্ঠিত হয়। ২০০৪ বর্ষত তেওঁক পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ ২০১৮ বৰ্ষৰ ৩ অক্টোবৰত তেওঁক হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০১৯ চনত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উচ্চতম ন্যায়ালয়ত ৯০ হাজাৰতকৈও অধিক গোচৰ নিষ্পত্তি হ’বলৈ বাকী থকা বিষয় টোক গুৰুত্বসহকাৰে লৈ তেওঁ এই গোচৰসমূহ শীঘ্রে নিষ্পত্তি কৰাৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে এনেদৰে গোচৰসমূহ নিষ্পত্তিহ’বলৈ বাকী থকাৰ আঁৰত থকা কাৰণসমূহ অত্যন্ত জটিল। তেওঁ কয়, ‘এই বিষয়সমূহ মই বিচাৰি উলিয়াম আৰু নিশ্চিত কৰিম যে পীঠসমূহ গঠন কৰা হ’ব আৰু তেওঁলোকে সিদ্ধান্ত ল’ব।’