ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ উৎকৰ্ষতাৰ কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বমানৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰাজ্যৰ কৃষিখণ্ডৰ ৰূপান্তৰণৰ যাত্ৰাত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ উৎকৰ্ষতাৰ কেন্দ্ৰ এটা আনুষ্ঠানিকভাবে উদ্বোধন কৰে। ৬৬ বিঘা ভূমিত নির্মিত বিশ্বমানৰ এই উৎকৰ্ষতা কেন্দ্ৰটোৰ মুখ্য দিশসমূহৰ অন্যতম হৈছে এটা ১,২০০ বর্গমিটাৰৰ ‘ফেন-পেড’ সেউজগৃহ। এই সেউজগৃহটো হৈছে উদ্ভিদৰ বাবে গঢ়ি তোলা এক নিখুঁতভাৱে নিয়ন্ত্রিত কোঠা। য’ত উষ্ণতা, আর্দ্রতা, সূৰ্যৰ পোহৰ আৰু পানীৰ ব্যৱহাৰ স্বয়ংক্রিয়ভাৱে নিয়ন্ত্রিত হয়। সেউজ গৃহৰ ভিতৰত পুলিবোৰ মাটিৰ পৰিৱৰ্তে ‘ছইললেছ টেকন’লজী’ অর্থাৎ মাটিবিহীন প্রযুক্তিৰ যোগেদি উৎপন্ন হয়। ইয়াৰ ফলত পুলিবোৰৰ বাঢ়ন একেধৰণৰ হোৱাৰ উপৰি পুলিবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু দ্রুত বিকাশ নিশ্চিত হয়। সেউজগৃহৰ ভিতৰত থকা স্বয়ংক্রিয় ‘বুম’ জলসিঞ্চন ব্যৱস্থাই হাজাৰ হাজাৰ পুলিক নিখুঁতভাৱে পানীৰ যোগান ধৰিব পাৰে। এটা উৎপাদন চক্ৰত এনে সুবিধাৰ ফলত ৪.৫ লাখ উচ্চ মানসম্পন্ন পুলি কৃষকৰ বাবে সেউজগৃহটোত উৎপাদন কৰিব পাৰি। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ কৃষিখণ্ডৰ বাবে আজিৰ দিনটোক উল্লেখযোগ্য দিন বুলি অভিহিত কৰি কয় যে ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ এই উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে ৰাজ্যৰ কৃষিখণ্ডলৈ চৰকাৰে বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হৈছে। এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক প্রতিফলিত কৰি উন্নত কৃষি প্রযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ সংমিশ্রণ সৃষ্টি কৰিছে। প্রকল্পটো ৰূপায়ণ কৰিব যোৱাটো নিঃসন্দেহে প্রত্যাহ্বানেৰে পূৰ্ণ আছিল। ৬৬ বিঘা ভূমিত বিশ্বমানৰ উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়োজন আছিল সম্পদ, সমন্বয় আৰু স্পষ্ট দৃষ্টিভংগীৰ। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে ২০২০-২১ বৰ্ষত ৫.৮৪ কোটি টকা অনুমোদন দিয়াৰ সমান্তৰালকৈ ভূমি উন্নয়ন আৰু আনুষংগিক কামৰ বাবে ‘এপাৰ্ট’ৰ তৰফৰ পৰা ৬০ লাখ টকাৰ অতিৰিক্ত বিনিয়োগ কৰা হৈছিল। ইজৰাইলৰ প্ৰযুক্তি আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে বিশ্বমানৰ এই কেন্দ্রটো নির্মাণ হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে এই পদক্ষেপৰ জৰিয়তে কৃষিভূমিত উন্নত তথা নতুন পদ্ধতিৰ জলসিঞ্চনৰ ব্যৱস্থাও কৰা হৈছে। কেন্দ্রটোত কৃষি বিজ্ঞানীৰ পৰা আৰম্ভ কৰি প্ৰগতিশীল কৃষকক ধাৰাবাহিকভাৱে কৃষি সম্বন্ধীয় বিভিন্ন প্রশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। এই প্রশিক্ষণক কাৰ্যক্ষেত্ৰত প্ৰয়োগৰ জৰিয়তে ৰাজ্যৰ উদ্যানশস্য খণ্ডক উত্তৰণ ঘটাব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে। এই অনুষ্ঠানত উপস্থিত থকা বাবে ইজৰাইলৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ৰিউভেন আজাৰক মুখ্যমন্ত্ৰী ড° শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ইজৰাইলৰ লগত ভাৰতবৰ্ষৰ এক বিশেষ সম্পর্ক আছে আৰু দুয়োখন দেশৰ মাজত থকা বন্ধুত্ব যে অতি গভীৰ, সেয়া সময়ে ইতিমধ্যে প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-ইজৰাইলৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াৰ ফলত অসম বিভিন্ন ধৰণে উপকৃত হ’ব পাৰিব। অনুষ্ঠানত ইজৰাইলৰ ৰাষ্ট্রদূত ৰিউভেন আজাৰৰ উপৰি কৃষিমন্ত্রী অতুল বৰা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, সিদ্ধার্থ ভট্টাচার্য, ইজৰাইলৰ উত্তৰ-পূব ভাৰতস্থিত বাণিজ্য দূত জয়শ্রী দাস বর্মা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, কৃষি বিভাগৰ আযুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে।
