বিশিষ্ট সাংবাদিক,লেখক,সংগঠক দীপু চৰণ দত্তৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্বি আংলং জিলাৰ এগৰাকী বিশিষ্ট সাংবাদিক, সংগঠক, সমাজ-চিন্তক,নিস্বাৰ্থ আদৰ্শবাদত আজীৱন ব্ৰতী, নিষ্ঠাৱান সাংস্কৃতিককৰ্মী তথা ডিফু নিৱাসী দীপু চৰণ দত্ত আজি ৰাতিপুৱাৰ ভাগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। দত্ত বিগত কিছুদিন দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল দত্ত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰি গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আজিৰ অসম’ কাকতৰ ডিফুৰ সংবাদদাতা আৰু ‘ফেৰাংকে’ কাকতৰ সহকাৰী সম্পাদকৰ দায়িত্বত ন্যষ্ঠ আছিল। তদুপৰি ১৯৭২ চনত ডিফুৰ পৰা প্ৰকাশিত ‘প্লাৱন’ নামেৰে ভিন্নসুৰীৰ এখন আলোচনী সম্পাদনা কৰি তেখেতে অসমীয়া ভাষা- সাহিত্যলৈ বৰঙনি আগবঢ়াই এক বদান্যতাৰ পৰিচয় দাঙি ধৰি গৈছে। এইগৰাকী সৰবৰহী ব্যক্তিৰ মৃত্যুৰ বাতৰিয়ে ডিফুবাসী ৰাইজক মৰ্মাহত কৰিছে। দত্তৰ মৃত্যুত একপ্ৰকাৰ মূকবেদনাত স্তব্ধ। এই মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰা হ’ল।
