নিষ্ঠুৰ সময়
মনোৰঞ্জন বৰা
গোলাঘাট , দেৰগাঁও
আহিবা নে আকৌ ঘূৰি তুমি
সময় ও যেন নিষ্ঠুৰ হৈ পৰিছে আজি ,
সেই অতীত স্মৃতিৰ কত কাহিনী
আজি যেন হেৰাই যোৱা এটি হাঁহি ।
শব্দৰে খেলিব নোৱাৰাকৈ
মৌনতাই চুই যাব নোৱাৰাকৈ
আমি আজি নিস্তব্ধ নিমাত
কেনেকৈ বুজাম মই তোমাক
তুমি বিহীন জীৱন ধপাত !
বাঁহীৰ সুৰৰ দৰেই
তোমাৰ মিঠা মাত
শুনাবলৈ নাই আজি তুমি এই ধৰাত ,
আহিবা নে আকৌ ঘূৰি তুমি
তুমি ও যেন নিষ্ঠুৰ হৈ পৰিছা আজি
কিয় ?
কিয় আজি অকলশৰীয়া আমি !
সকলো থাকিও যেন নিমাত ৰাতি
আহিবা নে আকৌ এবাৰ ঘূৰি তুমি
সময় ও যেন নিষ্ঠুৰ হৈ পৰে আজি ,
আহিবাচোন কোনোবা দিনা
ফেঁচাৰ মংগল উৰুলিত
গাই যাবা মায়াবিনী ৰাতিৰ বুকুত ।
শুনিম আমি আকৌ আগৰ দৰেই
শুনিব অসমে , শুনিব ভাৰতে
দেখিব বিশ্বৰলোকে ,
গাই যাব জগতে লগে ভাগে ।
তুমি আহিবা মাথোঁ আকৌ ঘূৰি
কান্দিব অসমীয়াই আকৌ নহ’বা
হিয়াৰ আমঠু জুবিন দা বুলি ।
আহিবা নে আকৌ ঘূৰি তুমি
সময় ও যেন নিষ্ঠুৰ হৈ পৰিছে আজি।
