ডিব্ৰুগড়ত ৪১৬ গৰাকী শিক্ষাৰ্থীক সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ উচ্চ শিক্ষাৰ জলপানি প্ৰদান : ব্ৰাহ্মণ সকল প্ৰব্ৰজিত- মন্ত্ৰী প্ৰশান্ত ফুকন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্ৰথম গৰাকী আই এ এছ তথা সোণোৱাল কছাৰী সমাজৰ শিক্ষা ক্ষেত্ৰৰ এগৰাকী আদৰ্শ ব্যক্তি হেৰম্বনাথ বড়াৰ সোঁৱৰণত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে প্ৰতি বছৰে প্ৰদান কৰি অহা ‘উচ্চ শিক্ষা প্ৰতিভা বঁটা’ ডিব্ৰুগড়ত ৪১৬ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয়৷ ইয়াৰে ২০২৪ বৰ্ষত ১৫১ গৰাকী আৰু ২০২৫ বৰ্ষৰ শিক্ষাৰ্থী হৈছে ২৬৫ গৰাকী৷ এই বঁটাত আছে ২০ হেজাৰ টকাৰ চে’ক আৰু প্ৰশস্তি পত্ৰ৷ এই উপলক্ষে ডিব্ৰুগড় জিলা পুথিভঁৰালত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শক্তি আৰু দক্ষতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে আৱেগিকভাৱে দুটা কথা কৈ কোনেও এটা জাতিক উদ্ধাৰ কৰিব নোৱাৰে৷ ‘সোণোৱাল জনজাতি’ৰ নামৰ আগত সদায় ‘ভূমিপুত্ৰ’ শব্দটো ব্যৱহাৰৰ পোষকতা কৰি তেওঁ কয় যে আমি ব্ৰাহ্মণসকল হৈছো প্ৰব্ৰজিত৷ আমাৰ প্ৰব্ৰজনৰ সময় মাত্ৰ তিনিশ বা চাৰিশ বছৰ৷ কিন্তু ভূমিপুত্ৰ সোণোৱাল সকল ইয়াৰ আদিম অধিবাসী৷ সেয়ে এইসকল জনজাতীয় লোকে যিকোনো দিশত অগ্ৰাধিকাৰ লাভ কৰা উচিত৷ পূৰ্বতে তেওঁলোক সংগঠিত নাছিল যদিও পৰিষদ পিওগঠনৰ পিছৰ পৰা তেওঁলোক সংগঠিত হৈছে৷ কিন্তু আজিও পৰিষদে জনজাতিটোৰ হকে ৰিচাৰ্ছ আৰু উন্নয়নৰ কাম কৰিবলৈ বহু বাকী আছে৷ পৰিষদে শিক্ষাৰ শিতানত যথেষ্ট কাম কৰিছে বুলি শলাগ লৈ মন্ত্ৰী ফুকনে যিখিনি শিক্ষাৰ্থী আধাতে স্কুল এৰিছে সেইসকলক সমষ্টিয়ে সমষ্টিয়ে চিনাক্ত কৰি প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাই এইক্ষেত্ৰত নিজৰ দক্ষতা বিভাগৰ তৰফৰ পৰা সম্পুৰ্ণ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ সভাত ভাষণ প্ৰদান কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে সাম্প্ৰতিক একবিংশ শতিকাত যিহেতু হাতৰ মুঠিতেই পৃথিৱীখন পোৱা যায় সেইবাবে সকলোকে প্ৰতিযোগিতামুখী হোৱাৰ আহ্বান জনাই কয় যে উচ্চ শিক্ষা গ্ৰহণ কৰাসকলেই হৈছে জনজাতিটোৰ ভৱিষ্যতৰ দিনৰ মূল সম্পদ৷ এই সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিষদে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশেষকৈ শিক্ষা বিভাগৰ তৰফৰ পৰা আজিপৰ্যন্ত বিভিন্ন শাখাত প্ৰশিক্ষণ প্ৰদান কৰি সহস্ৰাধিক যুৱক-যুৱতীয়ে বিভিন্ন স্থানত নিযুক্তি লাভ কৰিছে৷ কিন্তু উচ্ছতৰ মাধ্যমিক পৰ্যায়ত প্ৰায় ৯০ শতাংশই আধাতে শিক্ষা সামৰা কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে অনাগত দিনত এইক্ষেত্ৰত তেওঁলোকৰ বাবে বিশেষভাৱে আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি বঁটাপ্ৰাপক শিক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ‘শিপা’ৰ ঠিকনা নেৰি জনজাতিটোৰ হকে সেৱা আগবঢ়াবৰ বাবে আহ্বান জনায়৷ আনহাতে সভাৰ আদৰণি ভাষণ প্ৰদান কৰি পৰিষদৰ শিক্ষা বিভাগৰ সদস্য খনিন্দ্ৰ সোণোৱালে শিক্ষা বিভাগে বিগত সময়ত বিভিন্ন বৃত্তিগত প্ৰশিক্ষণ প্ৰদান কৰি অহা কাৰ্যসূচীসমূহৰ সম্পৰ্কে চমুকৈ আলোকপাত কৰি জলপানি লাভ কৰা শিক্ষাৰ্থীৰ ভিতৰত ল’ৰাৰ তুলনাত ছোৱালীৰ সংখ্যাই অধিক [ছোৱালীৰ প্ৰায় ৭০ শতাংশ] বুলি উল্লেখ কৰি চলিত বৰ্ষত পৰিষদে এইবাৰ চাৰি গৰাকী শিক্ষাৰ্থীক বিনামূলীয়াকৈ আইএএছ ক’ছিঙৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে৷ পৰিষদৰ প্ৰেছ উপদেষ্টা পেইম থি গোহাঁয়ে আঁত ধৰা অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষা অনামিকা বৰশইকীয়াকে ধৰি সদস্য ঋষিকেশ শইকীয়া, ৰিদীপ হাজৰিকা, বিশ্বজিৎ সোণোৱাল, ধীৰেণ সোণোৱাল, বসন্ত সোণোৱাল, দীপক সোণোৱাল, নন্দিনী ডেকা, ৰমনী হাজৰিকা, দুলেশ্বৰী বড়া, দীপ্তি সোণোৱাল, অসীম সোণোৱাল, যাদৱ ডেকাবৰুৱাসহ ভালেসংখ্যক গন্যমাণ্য ব্যক্তি আৰু পাঁচ শতাধিক লোক উপস্থিত থাকে৷
