তৃতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱ

তৃতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  মালিগাঁৱৰ বৰিপাৰাস্থিত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ একবিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে অহা ইং ৫ আৰু ৬ ডিচেম্বৰ, ২০২৫ তাৰিখে দুদিনীয়াকৈ তৃতীয় বাৰ্ষিক ‘গন্ধৰ্ব নাট মহোৎসৱ’ মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজন কৰিছে বুলি অনুষ্ঠানটিৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে৷ বিজ্ঞপ্তিটোত প্ৰথম নিশাৰ নাট্য সন্ধিয়াটি ড॰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে গন্ধৰ্বৰ স্ব-প্ৰযোজনাত ধ্ৰুৱজ্যোতি কুমাৰৰ পৰিকল্পনা, বিনোদ শৰ্মাৰ ৰচনা আৰু অখিলেশ হাজাৰিৰ পৰিচালনাত নাটক ‘মই আৰু মোৰ ছাঁ’ নাটক সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ কৰাৰ লগতে দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াটি সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত সৃষ্টি কলা-কৃষ্টি কেন্দ্ৰৰ প্ৰযোজনাত নাট্যকাৰ দিগন্ত কাকতিৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট ‘চকু’ সন্ধিয়া ৬.০০ বজাত আৰু সন্ধিয়া ৭ বজাত নটতীৰ্থ, গুৱাহাটীৰ প্ৰযোজনাত মণ্টু কুমাৰ দাস ৰচিত আৰু ৰণাল্ড হুছেইন পৰিচালিত নাট ‘এ বিউটিফুল মেলডী’ এই নাট দুখন মঞ্চস্থ কৰিব বুলি জনাইছে৷ ইং ৫ ডিচেম্বৰ, ২০২৫ তাৰিখ, শুক্ৰবাৰে ‘গন্ধৰ্ব নাট মহোৎসৱ’ৰ প্ৰথম নিশাৰ নাট্য সন্ধিয়াৰ মঞ্চ মুকলি কৰিব বিশিষ্ট অতিথি শ্ৰীযুত হৃষীকেশ গোস্বামী, সচিব-শিশু সাহিত্য ন্যাস, অসম আৰু ইং ৬ ডিচেম্বৰ, ২০২৫ তাৰিখ, শনিবাৰে দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াৰ মঞ্চ মুকলি কৰিব বিশিষ্ট অতিথি মকবুল হক দেৱ বুলি জনাইছে৷

‘গন্ধৰ্ব’ৰ একবিংশতিতম বৰ্ষপূৰ্তিৰ লগত সঙ্গতি ৰাখি অহা ইং ৬ ডিচেম্বৰ, ২০২৫ তাৰিখ আবেলি ৩.০০ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী ‘চিত্ৰাংকণ প্ৰতিযোগিতা’ আৰু ইং ৭ ডিচেম্বৰ, ২০২৫ তাৰিখে ৰাতিপুৱা ১০.০০ বজাৰ পৰা পঞ্চদশ বাৰ্ষিক ‘সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’ দুটা শাখাত অনুষ্ঠিত হ’ব [‘ক’ শাখা ১৫ বছৰ তলৰ আৰু ‘খ’ শাখা ১৫ বছৰ ওপৰৰ]৷ প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ-পত্ৰ জমা দিয়াটো বাধ্যতামূলক৷ প্ৰতিযোগিতাত বাদ্যযন্ত্ৰী উদ্যোক্তাৰ তৰফৰ পৰা যোগান ধৰা হ’ব৷ প্ৰতিযোগিতাত প্ৰতিযোগীৰ সাজ-পাৰ মাৰ্জিত হোৱাটো বাঞ্ছনীয়৷ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমিতিৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হ’ব৷ ৭ ডিচেম্বৰ, ২০২৫ তাৰিখ সন্ধিয়া ৭.০০ বজাত বঁটা বিতৰণী অনুষ্ঠানত নগদ ধন আৰু চূড়ান্ত বঁটাৰ লগতে প্ৰমাণ প্ৰত্ৰ বিজয়ী প্ৰতিযোগীক প্ৰদান কৰি সাংস্কৃতিক অনুষ্ঠানেৰে গন্ধৰ্বৰ বৰ্ষপূতিৰ সামৰণি মাৰিব৷ সবিশেষ জানিবৰ বাবে ৯৮৬৪১-৩০৫৭২, ৮৬৩৮০-৯৬৪১৮, ৭০০২৮-৪৭২৪০ এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব বুলি ‘গন্ধৰ্ব’ই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে৷