কর্ণাটকত ২৮টা কৃষ্ণ মৃগৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ৰহস্যজনকভাৱে কৰ্ণাটকৰ বেলাগাবি চিৰিয়াখানাত বিগত তিনি দিনত ২৮টা কৃষ্ণ মৃগৰ মৃত্যু হৈছে। চিৰিয়াখানাখনত ৪-৬ বছৰ বয়সৰ ৩৮টা কৃষ্ণ মৃগ আছে। বৃহস্পতিবাৰে পুৱা ইয়াৰে ৮টা কৃষ্ণ মৃগক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু শনিবাৰে পুনৰ ২০টা কৃষ্ণ মৃগক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।২৮টা কৃষ্ণ মৃগৰ মৃত্যুৰ পিছতে চিৰিয়াখানাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়ালৈকে কৃষ্ণ মৃগকেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে যদিও অন্তৰ্নিহিত নমুনাৰ পৰীক্ষাগাৰত পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে ইয়াৰ সঠিক কাৰণ জানিব পৰা যাব।
