ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত আয়োজিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলযোগে কেবিনেটৰ সিদ্ধান্ত সমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বা শৰ্মাই সদৰী কৰে। কেবিনেটে অসম মালা আঁচনিৰ তৃতীয় সংস্কৰণত অনুমোদন জনায়। আঁচনিখনৰ এই তৃতীয় সংস্কৰণটোৰ জৰিয়তে ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবদ ৩,২১৭ কোটি টকা ব্যয়সাপেক্ষ প্রকল্পটোত কেবিনেটে অনুমোদন দিয়ে। মুখ্যমন্ত্রী ড°  শর্মাই অৱগত কৰে যে কেবিনেটে গুৱাহাটী ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ পুনৰ নিৰ্মাণত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত ক্রীড়াপ্রেমীৰ বাবে ২৫ হাজাৰ আসনবিশিষ্ট এখন বিশ্বমানৰ ফুটবল ষ্টেডিয়াম, বিভিন্ন ক্রীড়াৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সুবিধা, ছুইমিং পুল নির্মাণ আদিকে ধৰি বিভিন্ন সা-সুবিধা নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰা হৈছে। এই প্ৰকল্পৰ বাবদ ৭৬৫ কোটি টকা ব্যয় হ’ব। আনহাতে কেবিনেটে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ মাকুম মৌজাৰ অধীনস্থ লিডু-নামদাঙত ৯.৭ হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চল ৰূপে গঠন কৰাৰ প্রস্তাৱত অনুমোদন জনায়। কেবিনেট বৈঠকে আজি ২০২৬ চনৰ চৰকাৰী বিভাগৰ বন্ধৰ তালিকাখনত অনুমোদন জনায়। এই তালিকা অনুসৰি আগন্তুক বর্ষটোত ৩৫টা ৰাজপত্ৰিত বন্ধ, ৩৯টা সীমিত বন্ধ আৰু এদিন অৰ্ধছুটী মঞ্জুৰ কৰা হৈছে। ইয়াৰে ১৯টা ছুটী এন আই এক্টৰ অধীনত হ’ব। কেবিনেটে আজি ২০২৬ বৰ্ষৰ ৯ জুলাইৰ পৰা ১২ জুলাই নতুবা ২৩ জুলাইৰ পৰা ২৬ জুলাইলৈকে ৪ দিনকৈ ৰাজ্য চৰকাৰৰ বিষয়া- কৰ্মচাৰীৰ বাবে পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত ছুটীত অনুমোদন জনায়। কেবিনেটে ১৯৮৩ চনত নেলীত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠিত ত্রিভুবন প্রসাদ তিৱাৰী আয়োগৰ  প্রতিবেদনখনৰ প্ৰতিলিপি ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ প্রথম দিনটোতে দাখিলৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৮ নৱেম্বৰৰ ওপজা দিনটোৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ৫৩টা স্থানত  অনুষ্ঠিত হ’বলগীয়া ৰক্তদান শিবিৰত স্বাস্থ্য বিভাগৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে কেবিনেটে স্বাস্থ্য বিভাগক দায়িত্ব অর্পণ কৰে।