বিস্ফোৰণ হোৱা গাড়ীখনৰ চালকৰ আসনত আছিল ওমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ব্যৱহাৰ হোৱা হুণ্ডাই i20 গাড়ীখনৰ চালকৰ আসনত ওমৰ উন-নবীয়ে আছিল। শেহতীয়াকৈ ডি এন এ পৰীক্ষাত এই কথাৰ প্ৰমাণ হৈছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা উমৰৰ শৰীৰৰ অংগ আৰু কাশ্মীৰৰ পুলৱামাত থকা মাতৃ আৰু ভাতৃৰ ডি এন এ পৰীক্ষা সম্পন্ন কৰা হৈছিল। পৰীক্ষাত ডি এন এ ১০০ শতাংশ মিলা বুলি খবৰ পোহৰলৈ আহিছে। দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ নম্বৰ আছিল HR-26 CE-7674। উল্লেখ্য যে ২০১৪ চনৰ ১৮ মাৰ্চত গাড়ীখন ছলমান নামৰ যুৱক এজনে কিনিছিল। এনেকৈ চাৰিবাৰ গাড়ীখন ক্রয়-বিক্রয়ৰ পিছত গাড়ীখন তাৰিকলৈ যায়। কিন্তু গাড়ীখনৰ পঞ্জীয়নৰ প্ৰমাণ পত্ৰত কোনো পৰিৱৰ্তন হোৱা নাছিল। তাৰ পাছত গাড়ীখনৰ মালিকীস্বত্ব ওমৰৰ হাতলৈ যায়। বিস্ফোৰণৰ পূৰ্বে তেওঁৰ ফটো চি চি টিভিৰ ফুটেজত দেখা গৈছিল। জানিব পৰা মতে, গাড়ীখন চুনহেৰী মছজিদৰ পৰা ৰেড ফ’ৰ্ট মেট্র’ ষ্টেচনলৈ লৈ গৈ বিস্ফোৰণ ঘটায়। তদন্তকাৰীয়ে প্ৰথমে জানিব পাৰিছে যে ওমৰে দুজন সহযোগীৰ সৈতে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তদন্তকাৰীয়ে অনুমান কৰিছে যে সোমবাৰে কেইবাটাও অঞ্চলত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছত আৰু সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ আশংকাত ওমৰে বিস্ফোৰণটো সংঘটিত কৰে।
