দিল্লী বিস্ফোৰণক সমর্থন কৰা ৩৪জনক চিনাক্ত কৰা হৈছেঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছত দেশজুৰি সতর্কতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অসমতো জনসাধাৰণক সাৱধান হৈ থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্রী ড° শৰ্মাই সকীয়নি প্ৰদান কৰি কয় – যিকোনো মুহূৰ্তত অসমক টার্গেট কৰিব পাৰে কূটাঘাতকাৰীয়ে। দিল্লীৰ বিস্ফোৰণ সন্দর্ভত তেওঁ কয়- এই ঘটনাই সমগ্র দেশতে শোকৰ ছাঁ পেলাইছে। অসমত আমি যথেষ্ট জটিল পৰিস্থিতিৰ মাজত আছোঁ। আমাৰ মাজত কূটাঘাতকাৰী সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে। কিয়নো তেওঁলোকৰ সংখ্যা যথেষ্ট বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব। অসমত কূটাঘাত হ’লে ডাঙৰকৈ হ’ব। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত পুনৰ কয়- দিল্লীৰ বিস্ফোৰণৰ পিছত এটা কথা স্পষ্ট হৈছে যে শিক্ষিত হ’লেই সন্ত্রাসবাদী যে নহ’ব তেনে কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল, অসম বিধানসভাতো উল্লেখ কৰা হৈছিল যে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকা হেতুকে উগ্রপন্থাত জড়িত কৰায় এই লোকসকলক। কিন্তু এইবাৰ দিল্লীত যি কূটাঘাত সংঘটিত হ’ল, তাৰ পৰা স্পষ্ট হ’ল যে অশিক্ষিত লোকে নহয়, শিক্ষিত লোকে জেহাদ কৰিছে। শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এচাম লোকে সামাজিক মাধ্যমত স্মাইলী, থাম্আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশৰ অৱনতি কৰাৰ বাবে চেষ্টা কৰিছে। এই লোকসকল হ’ল যিসকলে কালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল-দাইল নালাগে বুলি আন্দোলন কৰিছিল আৰু বোমা বিস্ফোৰণৰ পিছতে সেইখিনি লোকে আদৰণি জনাইছে। এইদৰে আদৰণি জনোৱা লোকসকলৰ সংখ্যা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- কামৰূপ জিলাত ৫জন, তামুলপুৰত এজন, কার্বি আংলঙত এজন, শোণিতপুৰত দুজন, গোলাঘাটত দুজন, বঙাইগাঁৱত তিনিজন, গোৱালপাৰাত দুজন, বৰপেটাত চাৰিজন, কাছাৰত এজন, নলবাৰীত তিনিজন, হোজাইত দুজন, বাক্সাত এজন, দঙৰত তিনিজন, যোৰহাটত এজন, দক্ষিণ শালমাৰাত দুজন আৰু কামৰূপ (মহানগৰ) জিলাত দুজন লোককে ধৰি মুঠ ৩৪জন লোকক বিস্ফোৰণক সমৰ্থন কৰি সামাজিক মাধ্যমত উত্তেজনা বিয়পোৱা বাবে চিনাক্ত কৰা হৈছে। এই লোকসকলে লালকিল্লাতো বোমা বিস্ফোৰণ কৰিছে, পেহেলগামতো মানুহ মাৰিছে আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাইল-দাইল নালাগে বুলি কৈছে। এই লোকসকলে যেনেকৈ সুবিধা পায়, তেনেকৈ আমাৰ জাতিটোক খণ্ড খণ্ড কৰাৰ প্ৰচেষ্টা চলাই আছে। ক’ৰবাত বোমাৰে, ক’ৰবাত গুলীৰে, ক’ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক’ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল-দাইল নালাগে বুলি আন্দোলন কৰে। এই লোকসকলেই গোটেই পৰিৱেশ ৰচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়-জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ’ল, প্রতিটো হিন্দু পৰিয়ালে দুর্গাপূজাৰ সময়ত, ৰাসৰ সময়ত, লক্ষ্মীপূজাত জুবিনৰ ফটো আঁৰি শ্ৰদ্ধাঞ্জলি জনাইছে। কিন্তু তেওঁলোকৰ ইস্তেমাবোৰ হৈ থাকে, যাক তেওঁলোকে ধর্মসভা বুলি কয়। এখনো ইস্তেমা বা ধর্মসভাত জুবিন গাৰ্গৰ ফটো আমি দেখা নাই। ইয়াৰ অৰ্থ হ’ল- সন্দেহযুক্ত লোকে জুবিনক জীয়াই নাৰাখে। জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল-দাইল নালাগে বুলি কোৱাসকলে জুবিনক জীয়াই নাৰাখে। যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বোমা বিস্ফেৰণক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকসমূহ চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত থাকে বা অসমৰ বাহিৰৰ এনেকুৱা ধৰণৰ ব্যক্তিৰ সৈতে সম্পর্ক লাভ কৰোঁ, তেনে ক্ষেত্ৰত চৰকাৰে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। চৰকাৰৰ স্থিতিৰ বাবে বহুতে পূর্বে দিয়া পোষ্ট ডিলিট কৰি আছে যদিও আৰক্ষীৰ ওচৰত স্ক্রীনশ্বট আছে।
