ৰাজনৈতিক য’ত ন্যায় ক’ত?
শিল্পী দাস (প্ৰিয়)
ৰাণীপুখুৰী, ভালুকমাৰী (হোজাই)
ৰাজনৈতিক ৰাজনৈতিক ৰাজনৈতিক
দেশখন আজি ঘূণে ধৰা,
অসমীয়াৰ হিয়াৰ আমঠু হৈয়ো
অকালত সমাধি আত্মা।
ন্যায় বিচাৰি পাৰ হ’ল দুমাহ
তেনেই যাব যুগান্তৰ,
ন্যায় জানো পাব কোৱা?
ক’ত সেই চৰকাৰ
ক’ত সেই সংবিধান
ক’ত আজি দালালৰ কথা?
এটি শ্বাস অন্ত পেলালোঁ
বাকিবোৰ এৰি দিছোঁ যোৱা,
কাৰ কি ক্ষতি কৰিছে
ওলোটাই এটি অসম উপহাৰ দিছে
ঋণী আমি প্ৰতিজন অসমীয়া।
ছিঃ শব্দটো নগণ্য
লজ্জিত এটি ঘটনা,
দোষী জীয়াই আছে
জেলখনত গোপনে চলিছে
ৰাজহাট-সুবৰ্ণহাট;
আমি মূৰ্খ
শুই আছে আত্মা।
দহজন আজিও ন্যায় বিচাৰি আন্দোলন
এদিন তেনেই শূন্য হ’ব
ধূলিৰে আৱৰি পৰি থাকিব
হেৰাই যাব…
ন্যায় নোপোৱা এটি সত্ত্বা।
