পাখি মেলা অতীত – ৰুমী কলিতা দত্ত

Pc Wikipedia

পাখি মেলা অতীত

ৰুমী কলিতা দত্ত
গাঁও-২নং কেন্দুগুৰি,ডিব্ৰুগড়

সৌ সিদিনাই পাখি মেলি দিছে
তোমাৰ গানৰ তানে
পাখি মেলি আছে কবিতাই
সুৰৰ মায়া জাগে গছে-বনে
ছাঁয়া হৈ আহিবা মনে-মনে ।

তাতেই পৰিছে চগা
নিজেই জ্বলি-পুৰি মৰিবলৈ
তাতেই পালোঁ প্ৰেৰণা
মোৰ জীৱন সজাবলৈ ।

নেদেখিলে কেনেকৈ জানিম
নদীও যে নিসংগ হয়
নিজম নিশাও নিজৰা বয়
প্ৰাণোচ্ছল হয় প্ৰকৃতি।

যদিহে পিটনিত পিচলে
সুৰ সন্ধানী পৃথিৱী
পৰিভ্ৰমী পক্ষীৰ ডেউকাত
জিলিকিবনে চেনেহৰে চানেকি ?

কবিতাৰো থাকিব পাৰে
অতীতৰ জীয়া কাহিনী
নতুন সময়ে মেলিব পাৰে
জোনাকৰ জিকমিক্‌ ৰাতি ।

সুগন্ধি ফুলেৰে সজোৱা ঘৰত
এটি দীঘলীয়া পদূলি
পাখি মেলি উৰি আহে ন্যায়ৰ বাবে
আশাহত এটি গধূলি ।