যোৰহাটৰ কমলাবৰীয়া যুৱক সংঘৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰা
“গৌৰৱ কৰিবলৈ আমি উন্নত চিন্তাৰ অধিকাৰী হ’বই লাগিব“
ৰঙিলী বাৰ্ত্তাসেৱা- “গৌৰৱ কৰিবলৈ আমি উন্নত চিন্তাৰ অধিকাৰী হ’বই লাগিব; যি চিন্তাই ৰঙীন সমাজবোৰ গঢ় দিব পাৰিব। সুস্থ মানসিক উত্তৰণৰ দ্বাৰাইহে এটা জাতিক আমি শক্তিশালী ৰূপত নিৰ্মাণ কৰিব পাৰিম।“ যোৰহাটৰ কমলাবৰীয়া যুৱক সংঘৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই যোৱা দেওবাৰে এইদৰে কয়। ভাষণ প্ৰসংগত প্ৰধানসম্পাদক দেৱজিৎ বৰাই লগতে কয়— পুৰণিকলীয়া সংঘাতবোৰ পাহৰি ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সাহিত্য সভাই বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী কৰাৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেয়েহে আমি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, উজনি-নামনি সকলোকে একত্ৰিত কৰি সাহিত্য সভা নামৰ বৃহৎ আন্দোলনটো অধিক শক্তিমন্ত কৰিব বিচাৰিছোঁ।“ যুৱ সংঘৰ সম্পাদক আৰু প্ৰাক্তন ছাত্ৰনেতা দিগন্ত হাজৰিকাই আঁত ধৰা সভাখনত দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, বিশিষ্ট সমাজকৰ্মী তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, কমলা বৰীয়া যুৱক সংঘৰ সোণালী জয়ন্তী মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি প্ৰবীণ গোস্বামী, কাৰ্যকৰী সভাপতি বিপুল বৰা, সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ গায়নকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত কমলা বৰীয়া গাঁৱৰ সুযোগ্য সন্তান হিচাপে অঞ্চলটোৰ সকলো মানুহ একত্ৰিত হৈ অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, অভিযন্তা ধ্ৰুৱজ্যোতি বৰা, পাৰ্থপ্ৰতীম গোস্বামী আৰু জিণ্টু তামুলীকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক মাজুলীৰ শংকুসিদ্ধ নাথ, দৰং আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক শোণিতপুৰৰ দুলাল নাথ আৰু কবি সন্মিলন উপসমিতিৰ আহ্বায়ক মৰিগাঁৱৰ নৱজ্যোতি নাথকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
