দিল্লীৰ বিস্ফোৰণক গৰিহণা অসম জাতীয় পৰিষদৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে অসম জাতীয় পৰিষদে। এই নৃশংস ঘটনাই সমগ্ৰ দেশবাসীক মৰ্মাহত কৰিছে বুলি পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷তেওঁ কয় যিসকল নিৰীহ লোকে এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে, তেখেতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকল সোনকালে সুস্থ হোৱাৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ।এই জটিল সময়ত আমি সকলোৱে একতা, সহমৰ্মিতা আৰু দেশপ্ৰেমৰ মনোভাৱেৰে ঐক্যবদ্ধ হোৱাটো অত্যাৱশ্যক। দেশবাসীয়ে একেকণ্ঠে ক’ব লাগিব— সন্ত্ৰাসবাদৰ স্থান এই দেশত নাই। সন্ত্ৰাসবাদক আমি ঘিণ কৰোঁ।
