দিল্লীত সংঘটিত বিস্ফোৰণস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

Pc The Economic Times

দিল্লীত সংঘটিত বিস্ফোৰণস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দেশৰ ৰাজধানী চহৰ দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক কাৰ বিস্ফোৰণত উদ্বিগ্ন হৈ পৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ১৩জনকৈ নিৰীহ লোক নিহত হোৱা এই বোমা বিস্ফোৰণৰ পিছতে প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ঘটনাৰ সবিশেষ বুজ লোৱাৰ উপৰি দেশৰ নিৰাপত্তা ব্যৱস্থা নিশ্ছিদ্ৰ কৰাৰ বাবে নির্দেশ দিয়ে। নিশাৰ ভাগত এক বিবৃতিযোগে প্রধানমন্ত্রী মোদীয়ে বিস্ফোৰণটোত নিহত ব্যক্তিসকলৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে, আহতসকলৰ বাবে সকলো কৰণীয় কৰাৰ বাবে চৰকাৰ সাজু আছে বুলি প্রকাশ কৰে। ইফালে, এই ঘটনাৰ পিছতে গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ আৰক্ষী বিষয়াসকলৰ পৰা বিস্ফোৰণৰ সবিশেষ তথ্য সংগ্রহ কৰে। ইপিনে, বিস্ফোৰণটোত আহত হোৱা লোকসকলক ভর্তি কৰোৱা দিল্লীৰ এলএনজেপি হাস্পতালত উপস্থিত হয় গৃহমন্ত্রী অমিত শ্বাহ। তেওঁ আহতসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি হাস্পতালখনৰ চিকিৎসকসকলক চিকিৎসাৰ বাবে প্রয়োজনীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে। গৃহমন্ত্রী অমিত শ্বাহে কেইবাগৰাকী আহতৰ পৰা বিস্ফোৰণৰ সময়ত প্রকৃততে কি হৈছিল, সেয়া জানিবলৈ চেষ্টা কৰে। পিছত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে যে এই বিস্ফোৰণত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব আৰু কোনো দোষীকে সাৰি যাবলৈ দিয়া নহ’ব। আনহাতে, নিশা প্রায় ১০ বজাত গৃহমন্ত্রী অমিত শ্বাহে লালকিল্লাৰ সমীপৰ বিস্ফোৰণথলী পৰিদৰ্শন কৰে।