লখিমপুৰৰ অসম গ্ৰন্থমেলাত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
আলোচনা সত্ৰঃ ভূপেন হাজৰিকাৰ গীতত ঐতিহ্য চেতনা
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য-সংস্কৃতি বিষয়ক আলোচনা সত্ৰ, লেখক-পাঠকৰ ভিন্নসুৰী অনুষ্ঠানেৰে আকৰ্ষণীয় হৈ পৰিছে লখিমপুৰত আজি জন্ম শতবৰ্ষত সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয় ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্প্লেক্সত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহ বিয়লি ২-৩০ বজাত আয়োজন কৰা এই আলোচনা সত্ৰৰ বিষয় হৈছে ভূপেন হাজৰিকাৰ গীতত ঐতিহ্য চেতনা ৷ আলোচনা সত্ৰখন সঞ্চালনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰে ৷ তেওঁ সঞ্চালকৰ ভাষণত কয় যে অতীতৰ যিবোৰ কাৰ্য আৰু পৰিঘটনা, গৌৰৱময় প্ৰসংগই আমাক এটা জাতি হিচাপে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগায় সেয়ে ঐতিহ্য ৷ ড° ভূপেন হাজৰিকাৰ বাবে অসম আছিল প্ৰাণ ৷ গতিকে ব্ৰহ্মপুত্ৰ সভ্যতা যাক তেওঁ লৌহিত্য বুলিছে, ইয়াৰ সাংস্কৃতিক, সামাজিক , ভৌগোলিক ঐতিহ্য তেওঁৰ সৃষ্টিৰাজীত পৰিপূৰ্ণ হৈ আছে ৷ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজখনৰ ঐতিহ্য চেতনাৰে তেওঁৰ গীত বিশ্বৰ বুকুত জিলিকি উঠিছে ৷ সেইবাবেই ড° ভূপেন হাজৰিকা নিজেই অসমৰ অম্লান ঐতিহ্য হৈ পৰিছে ৷ তেওঁ হৈ পৰিছে অসমীয়া জাতীয়-জীৱনৰ পৰিচয় ৷ ইয়াত আলোচক অতিথিৰূপে অংশ লৈ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° দীক্ষিতা ভূঞাই কয় যে বিংশ শতিকাৰ কিংবদন্তী শিল্পী ড° ভূপেন হাজৰিকা কেৱল এগৰাকী গীতিকাৰ বা সুৰকাৰেই নহয় ৷ তেওঁ এগৰাকী শিক্ষাবিদ, চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক, নিবন্ধকাৰ, কলা সমলোচক ৷ অৰ্থাৎ সৃষ্টিশীল প্ৰতিটো ক্ষেত্ৰতে তেওঁ বিচৰণ কৰিছিল ৷ তেওঁৰ সৃষ্টিৰ আধাৰ হৈ মা, মাটি আৰু মানুহ ৷ গুৰুদুজনা শংকৰদেৱ, মাধৱদেৱৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ—— সকলোকে ভেটি হিচাপে লৈ তেওঁ নিজৰ সৃষ্টিৰ দেউল নিৰ্মাণ কৰিছে ৷ লগতে তেওঁৰ সৃষ্টিৰ উৎস হৈছে লোকসমাজখন ৷ তেওঁৰ সেই লোকসমাজ দৰাচলতে সমগ্ৰ পৃথিৱীৰে জনজীৱন ৷ ঐতিহ্য চেতনা অতি তীব্ৰ হোৱা বাবেই এনেদৰে সৃষ্টি কৰিব পাৰিছিল সুধাকণ্ঠ ড° হাজৰিকাই ৷ আন এগৰাকী আলোচক, বিশিষ্ট সংগীত শিল্পী মৃদুল বৰুৱাৰ মতে সুধাকণ্ঠৰ প্ৰতিটো গীততে আছে ঐতিহ্য চেতনা ৷ তেওঁৰ কণ্ঠ আৰু সৃষ্টি সমগ্ৰ এতিয়া অসমৰ ঐতিহ্য হৈ পৰিছে ৷ তেওঁৰ সুৰ আৰু কণ্ঠ অসমীয়া মানুহৰ প্ৰাণকণ্ঠ ৷ বৰুৱাই আলোচনা সত্ৰখনত ড° ভূপেন হাজৰিকাৰ কেবাটিও কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটো হৃদস্পৰ্শী কৰি তোলে ৷ একেদৰে আলোচক অতিথি, এল টি কে কলেজৰ সহকাৰী অধ্যাপক ড° ৰণদ্বীপ বৰাই কয় যে অতীতক বৰ্জন কৰি, শিপাৰ পৰা বিছিন্ন হৈ কোনেও কালোত্তীৰ্ণ সৃষ্টি কৰিব নোৱাৰে ৷ ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ আধাৰেই হৈছে সমাজ-জীৱনৰ ঐতিহ্য ৷ এই ঐতিহ্য কেৱল অসমৰ বা ভাৰতৰ নহয়, তেওঁৰ গীতৰ আধাৰ বিশ্ব ঐতিহ্য ৷ তেওঁ লুইতৰ কথা কৈছে আৰু সমান্তৰালভাৱে গংগা, পদ্দা, মেঘনা যমুনা, টেমছ, ভল্গাৰ কথাও কৈছে ৷ হিমালয়ৰ কথাও কৈছে প্ৰশান্ত মহাসাগৰৰ কথাও কৈছে ৷ অসমৰ জন-সমাজৰ পৰা পল ৰবচনৰ দেশৰ লোকসমাজখনলৈ—— পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ মানুহৰ ইতিহাস ভাস্বৰ হৈ উঠিছে ড° হাজৰিকাৰ গীতত ৷ ইপিনে অসম গ্ৰন্থমেলা, লখিমপুৰৰ পঞ্চম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ে ৷
