ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শ্ৰদ্ধঞ্জলি অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ইতিহাস সংকলন সমিতি, কামৰূপ মহানগৰ সমিতিৰ সৌজন্যত, আলোক ভবনত পূৰ্ৱাহ্ন ১১ বজাত সংগীত জগতৰ দুজনা মহান শিল্পী — সূৰ্যকণ্ঠ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।সভাত সভাপতিত্ব কৰে ভাৰতীয় ইতিহাস সংকলন সমিতি,অসমৰ ৰাজ্যিক সভাপতি ড৹গজেন্দ্ৰ অধিকাৰীদেৱে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য আদৰণীয় শ্ৰীযুত উল্লাস কুলকৰ্ণী দেৱ আৰু অখিল ভাৰতীয় ইতিহাস সংকলন য়োজনাৰ মহা সচিব শ্ৰীযুত হেমন্ত ধিং মজুমদাৰ দেৱ উপস্থিত থাকি দুয়োগৰাকী শিল্পীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লাস কুলকৰ্ণী দেৱে “পঞ্চ পৰিৱৰ্তন আৰু ভাৰতীয় সমাজ” বিষয়ৰ ওপৰত আলোকপাত কৰি কয় যে, আজিৰ সমাজত নৈতিকতা, শৃঙ্খলা আৰু জাতীয় চেতনাৰ পুনৰুজ্জীৱন অতি প্ৰয়োজনীয়। তেওঁ দৈনন্দিন জীৱনত এই মূল্যবোধসমূহৰ সমাজ গঠনৰ বাবে একান্তই অপৰিহাৰ্য বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানত হেমন্ত ধিং মজুমদাৰ ডাঙৰীয়াই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ গীতত স্বদেশপ্ৰেম শীৰ্ষক বিষয়ত আলোকপাত কৰি তেখেতৰ জীৱনদৰ্শন, সংগীত চিন্তা আৰু সমাজসেৱামূলক কৰ্মৰ বিষয়ে গভীৰ আলোচনা কৰে। ইতিহাস সংকলন সমিতিৰ প্ৰায় শতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰা এই শ্ৰদ্ধাঞ্জলি সভাত অসমী আইৰ এগৰাকী সু-সন্তান,সু-গায়ক শ্ৰীমান আশ্বাস আয়ুস্মানে দুয়োগৰাকী শিল্পীৰ অমৰ সংগীতৰ সুৰেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আৰু গম্ভীৰ আৰু অনুপ্ৰেৰণাদায়ক কৰি তোলে। উক্ত আনুষ্ঠানতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মা দেৱকো স্মৰণ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।
