তৃতীয়খন টি-২০ত অষ্ট্ৰেলিয়াক ৫উইকেটত পৰাস্ত কৰে ভাৰতে

Pc Newsonair

তৃতীয়খন টি-২০ত অষ্ট্ৰেলিয়াক ৫উইকেটত পৰাস্ত কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা- ৫খনীয়া শৃংখলাৰ তৃতীয়খন টি-২০ মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি সমতা স্থাপন কৰে ভাৰতীয় দলটোৱে। প্রথমে বেটিং কৰি অষ্ট্ৰেলিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য সহজে অতিক্ৰম কৰি ৫ উইকেটত জয়লাভ কৰে ভাৰতীয় দলটোৱে। এই জয়ৰ ফলত ৫খন মেচৰ টি-২০ শৃংখলা সমতা স্থাপন কৰে সূৰ্যকুমাৰ যাদৱৰ দলটোৱে। টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় সূৰ্যই। প্রথম অভাৰতে ট্রেভিচ হেডৰ (৬) উইকেট দখল কৰে অৰ্শদ্বীপ সিঙে। নিজৰ দ্বিতীয় অভাৰতে জশ ইংলিছৰ (১) উইকেট লাভ কৰে অৰ্শদ্বীপ সিঙে। ইয়াৰ পিছত বিধ্বংসী বেটিং কৰে টীম ডেভিদে। অধিনায়ক মিছেল মার্শ্বৰ সৈতে ৫৯ ৰানৰ যুটি বান্ধে ডেভিদে। ব্যক্তিগত ১১ ৰানত আউট কৰে বৰুণ চক্ৰৱৰ্তীয়ে। আনহাতে,  বৰুণে মিছেল অৱেনৰ উইকেট দখল কৰে। ইয়াৰ পিছত ভয়াৱহ হৈ উঠা ডেভিদক বিদায় দিয়ে শিৱম ডুবেই। ডেভিদে ৩৮টা বলতে ৭৪ ৰান কৰে। শেষৰ ফালে মার্কাছে ৬৯ ৰান কৰাত অষ্ট্ৰেলিয়াৰ ৰান হয়গৈ ১৮৬। প্রত্যুত্তৰত ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মা আৰু শুভমন গীলে সুন্দৰ আৰম্ভণি কৰে। অৱশ্যে অভিষেকে ২৫ আৰু শুভমনে ১৫ ৰান কৰি বিদায় লয়। অধিনায়ক সূর্যয়ো ১১টা বলত ২৪ ৰান কৰি আউট হয়। তিলক বার্মাই ২৯ আৰু অক্ষৰ পেটেলে কৰে ১৭ ৰান। আগ্রাসী বেটিং কৰিবলৈ গৈ ভাৰতীয় বেটাৰসকলে উইকেট হেৰুৱায়। ৱাম্বিংটনে ২৩টা বলত ৪৯ ৰানত অপৰাজিত থকাৰ বিপৰীতে জিতেশে ১৩টা বলত ২২ ৰানৰ এটি সুন্দৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে। তেওঁলোকৰ অনবদ্য ষষ্ঠ উইকেটৰ যুটিত ভাৰতে ৪৩ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ সফল বলাৰ নাথান ইংলিছে ৩৬ ৰানত তিনিটা উইকেট দখল কৰে। ভাৰতে ১-১ ব্যৱধানত ক্ষমতা সমতা স্থাপন কৰে। প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল।