টি-২০ ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কেন উইলিয়ামছনৰ

টি-২০ ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কেন উইলিয়ামছনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নিউজীলেণ্ডৰ বেটিং কিংবদন্তি কেন উইলিয়ামছনে দেওবাৰে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে অহা বছৰৰ বিশ্বকাপৰ পূৰ্বে দলটোক ‘স্পষ্টতা’ৰ প্ৰয়োজন ৷ ১০০খন মেচ খেলাৰ সুযোগ, বিশ্বকাপ জয়ৰ সপোন আদি সকলো উপেক্ষা কৰি টি-২০ক বিদায় জনালে বৰ্তমানৰ ক্ৰিকেট জগতৰ অন্যতম শ্রেষ্ঠ বেটাৰগৰাকীয়ে। অৱশ্যে এতিয়াও আন্তর্জাতিক ক্ৰিকেটৰ পৰা আঁতৰি যোৱা নাই তেওঁ। উইলিয়ামছনে জনোৱা অনুসৰি টেষ্ট আৰু এদিনীয়াত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ টি-২০ক বিদায় জনাইছে। উল্লেখ্য যে চলিত বর্ষতে ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তি প্রত্যাখ্যানা কৰিছিল বেটাৰগৰাকীয়ে। একেৰাহে দ্বিতীয় বছৰ তেওঁ এই সিদ্ধান্ত লৈছিল। অহা বছৰ ফেব্ৰুৱাৰীত ভাৰতৰ মাটিত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। কিন্তু এই বৃহৎ প্রতিযোগিতাখনৰ পূর্বে হঠাতে তেওঁ অৱসৰৰ সিদ্ধান্ত গ্রহণ কৰে।টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন কেন উইলিয়ামছন। উইলিয়ামছনে ৯৩খন মেচত মুঠ ২৫৭৫ ৰান সংগ্ৰহ কৰিছে। নিউজীলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেন উইলিয়ামছনৰ সৰ্বাধিক স্ক’ৰ ৯৫ ৰান।৭৫খনকৈ মেচত কিৱি বাহিনীক নেতৃত্ব দিছিল কেন উইলিয়ামছনে। কেন উইলিয়ামছনৰ নেতৃত্বত নিউজীলেণ্ডে ৩৯খন মেচত জয়লাভ কৰিছিল। ২০২৪ চনৰ টি-২০ বিশ্বকাপত পাপুৱা নিউ গিনিৰ বিৰুদ্ধে অন্তিমখন টি-২০ খেলিছিল উলিয়ামছনে। কেন উইলিয়ামছন নিউজীলেণ্ড দলে ২০১৬ আৰু ২০২২ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ২০২১ৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল। ২০১১ চনত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট অভিষেক ঘটিছিল কেন উইলিয়ামছনৰ।