ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত অনুষ্ঠিত ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰাইজমানি প্ৰতিযোগিতাৰ মেগা ফাইনেল

ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত অনুষ্ঠিত ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰাইজমানি প্ৰতিযোগিতাৰ মেগা ফাইনেল
শীৰ্ষত প্ৰীতম দত্ত আৰু ধৃতি তপস্যা বৰুৱাক দহ আৰু পাঁচ হাজাৰ টকাৰ প্ৰাইজমানি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত অনুষ্ঠিত ড° ভূপেন হাজৰিকাৰ গীতৰ অসম ভিত্তিত প্ৰাইজমানি প্ৰতিযোগিতাৰ মেগা ফাইনেলখনি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাৰ ক আৰু খ শাখাত প্ৰথম স্হান লাভ কৰিছে ক্ৰমে নগাঁৱৰ ধৃতি তপস্যা বৰুৱা আৰু তিনিচুকীয়াৰ প্ৰীতম দত্তই। প্ৰীতম দত্তক আনুষ্ঠানিকভাৱে ট্ৰফী, প্ৰমাণপত্ৰৰ লগতে নগদ দহ হাজাৰ টকা প্ৰদান কৰা হয়। খ শাখাৰ প্ৰথম পুৰস্কাৰৰ প্ৰাইজমানি প্ৰদান কৰিছে ডাঃ কবীন টুমুং আৰু জেনী মাৰ্মেই।আনহাতে ধৃতি তপস্যা বৰুৱাই ট্ৰফী, মানপত্ৰৰ লগতে নগদ পাঁচ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে। ক শাখাত দ্বিতীয় স্থান লাভ কৰে অভয়াপুৰীৰ কৃষ্টিশিখা অধিকাৰীয়ে (নগদ ৩ হাজাৰ টকাৰ প্ৰাইজমানি)। আনহাতে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে গুৱাহাটীৰ মুনমী দেৱী আৰু ৰহাৰ উদ্দীপনা বৰাই। সেইদৰে খ শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে বাইহাটা চাৰিআলিৰ ধীৰাজ ডেকাই। ধীৰাজ ডেকাক ট্ৰফী আৰু মানপত্ৰৰ লগতে নগদ সাত হাজাৰ টকাৰ প্ৰাইজমানি প্ৰদান কৰা হয়। সেইদৰে খ শাখাত তৃতীয় স্থান লাভ কৰি ৫ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে উপাসনা বৰ্মনে।ইয়াৰ আগেয়ে পুৱাৰ ভাগত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেগা ফাইনেল প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা সঞ্চালক ড° বসন্ত কুমাৰ দাসে। উদ্বোধনী ভাষণত ড° দাসে ড° ভূপেন হাজৰিকাৰ গীতসমূহৰ চৰ্চাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখনে ভূমিকা পালন কৰাৰ লগতে একাংশ প্ৰতিভাধৰক বিশেষ মঞ্চ প্ৰদান কৰা বুলি মন্তব্য কৰি ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ডৰ শলাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকাদ্বয় ড° কণিকা দত্ত বৰুৱা আৰু গীতা ভৰালীয়ে। প্ৰতিযোগিতাত বিচাৰক হিচাপে থকা বিশিষ্ট শিল্পী ৰমেন দাস, কণ্ঠশিল্পী নীলাক্ষী চাংকাকতি আৰু ধৃতিশ্ৰী দেৱীয়ে মেগা ফাইনেলৰ সমূহ প্ৰতিযোগীৰ পৰিৱেশনত সন্তুষ্টি ব্যক্ত কৰে।প্ৰতিযোগিতাৰ সামৰণিৰ পাছতে অনুষ্ঠিত হয় জুবিন বন্দনা শীৰ্ষক অনুষ্ঠান। মৰমলেণ্ডৰ সভাপতি ৰঞ্জিত দাসে উদ্বোধন কৰা অনুষ্ঠানত গীত পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে কণ্ঠশিল্পী ডাঃ দেৱদ্বীপ কলিতা, ডাঃ কবীন টুমুং, জেনী মাৰ্মে, ৰীণা ৰাভা দেৱী, নমিতা বায়ন পাঠক, চায়নজ্যোতি, মানৱজ্যোতি শৰ্মা, সুৰেন দাস, লালচৰণ দাস, ৰূপালী শইকীয়া, পদুমী শৰ্মা, দৃষ্টিহীন শিল্পী কাঞ্চন হাজং, মিনতি কলিতা, ইৰফান আলীয, মিছ ৰাগিনী আদিয়ে। জুবিন বন্দনা অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰৰ কনমানি কণ্ঠশিল্পী শিল্পী মেহদীয়া খানম আহমেদে মায়াবিনী গীতটো আঠটাকৈ ভাষাত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে। সেইদৰে কনমানি ৰিয়ান ডেকাৰ কণ্ঠৰ জুবিন গাৰ্গৰ প্ৰতিদিনে গীতটোৱে সকলোকে আপ্লুত কৰে।মৰম কুমাৰ, অনুজ বৰা, ডিম্বেশ্বৰ যায় আৰু মণিকা দেৱীয়ে আঁত ধৰা উক্ত অনুষ্ঠানতে গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা মৃদুল বৰুৱা, লেখক-সাংস্কৃতিক কৰ্মী-প্ৰযোজক গোপাল জালান, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ বৰা, কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী, বিশিষ্ট ক্ৰীড়াবিদ সবিতা বৰ্মন চৌধুৰী, বজালীৰ সমাজসেৱক তথা সংগঠক অংকুৰ বৰুৱা, সমাজসেৱিকা তনুজা সাহা, কৃতী শিক্ষয়িত্ৰী বঁটাপ্ৰাপক পূৰ্ণিমা দাস কলিতা আৰু সবিতা ঠাকুৰীয়াক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত হোলী গীতৰ শিল্পী নমিতা বায়ন পাঠক, নমিতা দাস, সমাজসেৱিকা প্ৰীতিৰেখা বৰুৱা, গীটাৰিষ্ট ৰঞ্জিত শৰ্মা, তবলাবাদক গণেশ দাস, কীবোৰ্ড প্লেয়াৰ ধীৰুমণি নাথ, পেড্ডিষ্ট নিৰ্মল দাসকো সম্বৰ্ধনা জনোৱা হয়।