কলেজীয়া ছাত্ৰীক এচিডেৰে আক্ৰমণ তিনি যুৱকৰ

কলেজীয়া ছাত্ৰীক এচিডেৰে আক্ৰমণ তিনি যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ ৰাজধানী দিল্লীত দুৰ্বৃত্তৰ এচিড আক্ৰমণৰ বলি হৈছে এগৰাকী কলেজীয়া ছাত্ৰী। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে ছাত্ৰীগৰাকী। কলেজলৈ গৈ থকাৰ সময়তে ছাত্ৰীগৰাকীৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলায় বাইক আৰোহী তিনি দুৰ্বৃত্তই আৰু আক্ৰমণ সংঘটিত কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, তিনিজন লোকে এচিডেৰে এগৰাকী ছাত্ৰীক আক্ৰমণৰ চেষ্টা চলায় ৷ অৱশ্যে সোভাগ্যক্ৰমে ভুক্তভোগী যুৱতীগৰাকীৰ মুখখন ৰক্ষা পৰে ৷ কিন্তু এই এচিড আক্ৰমণৰ ফলত ভুক্তভোগীৰ দুয়োখন হাত জ্বলি যায় । এই ঘটনা পাছতে চিন্তিত হৈ পৰিছে ভুক্তভোগীৰ আত্মীয় ৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ লগতে তেওঁঁক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগীয়ে । জানিব পৰা এই ঘটনা সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তকেইটা ।সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত দুৰ্বৃত্ত কেইজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, দেওবাৰে উত্তৰ-পশ্চিম দিল্লীৰ অশোক বিহাৰৰ লক্ষ্মী বাই মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই ঘটনা সংঘটিত কৰা তিনিওজন অভিযুক্তৰ ভিতৰত এজনক চিনাক্ত কৰিছে ভুক্তভোগীয়ে ৷ চিনাক্ত হোৱা অভিযুক্তটো জিতেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, বিগত প্ৰায় এমাহ ধৰি অভিযুক্তকেইটাই ভুক্তভোগীৰ গতিবিধি লক্ষ্য কৰি আছিল ৷ এমাহ অশান্তি কৰাৰ পিছত অভিযুক্ত আৰু ভুক্তভোগীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ যাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় ৷ এই বৰ্বৰ কাণ্ডৰ মূল অভিযুক্তক জিতেন্দ্ৰ আৰু তেওঁক সংগ দিয়া আন দুই অভিযুক্তক ঈশান আৰু অৰমান বুলি চিনাক্ত কৰা হৈছে। ছাত্ৰীগৰাকীৰ বক্তব্য অনুসৰি বাইকেৰে অহা ঈশানে লগতে থকা অৰমানৰ হাতত এটা বটল তুলি দিয়ে আৰু ইয়াৰ পিছতে অৰমানে বটলটোৰ পৰা তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰে। এই অতৰ্কিত আক্ৰমণত ছাত্ৰীগৰাকীয়ে মুখখন ৰক্ষাৰ বাবে হাত দুখন ওপৰলৈ তুলি লয় আৰু ইয়াৰ ফলত তেওঁৰ দুয়োখন হাত জ্বলি যায়। আক্ৰমণৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে তিনিওজন লোকে। ঘটনাৰ পিছতে আহত ছাত্ৰীগৰাকীক দীপ চান্দ বন্ধু হাস্পতাললৈ লৈ যোৱা হয় আৰু আৰক্ষীকো এই বিষয়ে অৱগত কৰা হয়।ইতিমধ্যে ক্ৰাইম টিম আৰু এফ এছ এল দলে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ভুক্তভোগীৰ বক্তব্য আৰু আঘাতৰ প্ৰকৃতিৰ ভিত্তিত বিএনএছৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলিও জানিব পৰা গৈছে ৷