এদিনীয়া ক্ৰিকেটত অভিষেক উমা ছেত্ৰীৰ

এদিনীয়া ক্ৰিকেটত অভিষেক উমা ছেত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব ক্ৰিকেটত উজলিছে অসম সন্তান।  এদিনীয়া ক্ৰিকেটত অভিষেক অসমৰ সুদক্ষ ক্রিকেটাৰ উমা ছেত্ৰীৰ।আইচিচি মহিলা বিশ্বকাপৰ এখন মেচত বাংলাদেশৰ বিৰুদ্ধে নভি মুম্বাইৰ ডি ৱাই পাটিল স্প’র্টছ একাডেমীত ঐতিহাসিক অভিষেক ঘটালে অসম কন্যাই। গোলাঘাট জিলাৰ এইগৰাকী ২৩ বছৰীয়া ক্রিকেটাৰে ভাৰতীয় দলৰ সহঃ অধিনায়ক স্মৃতি মান্ধানাৰ হাতৰ পৰাই এদিনীয়াৰ কেপ গ্ৰহণ কৰে। বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱা মেচখনত তেওঁ ৰিচা ঘোষৰ স্থানত দলভুক্ত হয়। আঙুলিত আঘাত পোৱা বাবে ৰিচাই কালি মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। উল্লেখ্য যে অসমৰ তৃণমূল পৰ্যায়ৰ পৰা ক্রিকেট জার্নী আৰম্ভ কৰা উমাই ২০২১-২২ চনত ঘৰুৱা ক্রিকেটত অভিষেক ঘটাইছিল। তেওঁৰ সুদক্ষ উইকেটকীপিং আৰু ল’ৱাৰ অৰ্ডাৰৰ দৰ্শনীয় বেটিঙৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈছিল। অসমৰ ঘৰুৱা আৰু মাণ্ডলিক প্রতিযোগিতাসমূহত উমাই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। ২০২৩ চনত এচিচি মহিলা এমার্জিং টীমৰ এছিয়া কাপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰে। ইয়াৰ এমাহৰ পিছতে তেওঁ বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ছিনিয়ৰ দলত স্থান লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্রিকেটাৰ হোৱাৰ কৃতিত্ব অর্জন কৰে। ২০২৪ চনত তেওঁ মহিলা প্রিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্ছ দলত চুক্তিবদ্ধ হয়। তাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষণৰ সুবিধা লাভ কৰি প্ৰদৰ্শনৰ উন্নতি ঘটোৱাৰ পিছত ২০২৪ চনৰ ৭ জুলাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ক্রিকেটত অভিষেক ঘটায়।  ৩১খন টী-২০ মেচত ৪২১ ৰান সংগ্ৰহ কৰিছে উমা ছেত্ৰীয়ে।