আজি ঘোষণা হ’ব পাৰে ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ পাছত সমগ্র দেশতে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ (এছআইআৰ) কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ তৎপৰতা অব্যাহত আছে। আজি প্রথম পর্যায়ত ১০-১৫ ৰাজ্যক অন্তর্ভুক্ত কৰি এছআইআৰ ঘোষণা হ’ব পাৰে। য’ত থাকিব অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিতব্য অসমসহ পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী। নির্বাচন আয়োগে আজি বিয়লি ৪.১৫ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদ মেল আহ্বান কৰাৰ পাছত এক শীর্ষ সূত্রই এই ইংগিতেই দিছে। নির্বাচন আয়োগৰ সূত্ৰটোৱে সদৰী কৰা অনুসৰি সোমবাৰে অৰ্থাৎ আজি ঘোষণা হ’লে মঙলবাৰৰ দিনটোৰ পৰাই এছআইআৰৰ কাম আৰম্ভ হ’ব। অৱশ্যে ইয়াক আনুষ্ঠানিকতা প্রদান কৰি অহা ১ নৱেম্বৰৰ পৰাহে প্ৰ-পত্ৰ লৈ ঘৰে ঘৰে যাব বুথ লেভেল অফিচাৰ (বিএলঅ’) সকল। প্রথমতে দিল্লীৰ পৰা ইলেকচন ৰেজিষ্ট্ৰেচন অফিচাৰসকললৈ এনুমাৰেচন ফৰ্মৰ ছফট্ কপী প’ৰ্টেলৰ জৰিয়তে পঠিয়াই দিয়া হ’ব ছপা কৰাৰ বাবে। একোজন ভোটাৰৰ বিপৰীতে দুখনকৈ এনুমাৰেচন ফ্রম ছপোৱাৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে। এই এনুমাৰেচন ফর্মসমূহ প্রতিজন ভোটাৰৰ ঘৰে ঘৰে বিএলঅ’সকলে লৈ যাব। এনুমাৰেচন ফর্ম পূৰণ কৰি উপযুক্ত নথিসহ জমা দিয়াৰ দায়িত্ব ভোটাৰৰ। অৱশ্যে ইয়াৰে এখন সংশ্লিষ্ট ভোটাৰজনৰ লগত থাকিব। সূত্ৰটোৱে সদৰী কৰা মতে, বিহাৰৰ দৰে বৰ্তমানৰ ভোটাৰ তালিকাত নাম থকা প্রত্যেকেই লাভ কৰিব এনুমাৰেচন ফর্ম। প্রতিজন ভোটাৰৰ বাবে এনুমাৰেচন ফর্ম পৃথক হ’ব। লক্ষণীয়ভাৱে বিহাৰত এছআইআৰৰ বাবে ১১বিধ নথি নির্বাচন আয়োগে নির্দিষ্ট কৰি দিছিল। এই নথিসমূহ হ’ল- কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী-পেন্সনাৰসকলৰ পৰিচয়-পত্ৰ, ১৯৮৭ চনৰ এক জুলাইৰ আগৰ বেংক-ডাকঘৰ-এলআইচি-স্থানীয় প্রশাসনৰ কোনো নথি, জন্মৰ প্ৰমাণ-পত্র, পাছপ’র্ট, হাইস্কুল শিক্ষান্ত বা তাৰ ওপৰৰ শিক্ষাগত প্রমাণ-পত্ৰ, ৰাজ্য চৰকাৰে দিয়া বাসস্থানৰ প্ৰমাণ-পত্র, বন অধিকাৰৰ প্ৰমাণ-পত্ৰ, জাতিগত প্রমাণ-পত্ৰ, এনআৰচি, স্থানীয় প্রশাসনে প্রদান কৰা পাৰিবাৰিক পঞ্জীয়ন আৰু ভূমি অথবা ঘৰৰ দলিল। অৱশ্যে পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে পৰিচয়-পত্ৰ হিচাপে আধাৰ কার্ডকো মান্যতা প্রদান কৰাৰ নিৰ্দেশ দিছিল। কিন্তু আধাৰ কাৰ্ডৰ জৰিয়তে নাগৰিকত্বৰ দাবী কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছিল উচ্চতম ন্যায়ালয়ে।
