ডিব্ৰুগড়ত  জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ৰ ২নং টেকেলা চিৰিং গাঁৱৰ নামঘৰত ভক্তি আন্দোলন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথৰ আন্দোলন কিম্বা  ডিজিটেল আন্দোলন নহয় এইবাৰ ডিব্ৰুগড়ত ভক্তি আন্দোলনৰ যোগেদি  শ্ৰদ্ধাঞ্জলি ভাগৱত পাঠ আৰু ব্যাখ্যাৰে বিচাৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়। ডিব্ৰুগড়  মহানগৰৰ দাঁতিকাষৰীয়া ২নং টেকেলা চিৰিংগাওঁ ৰাজহুৱা নামঘৰত  দিনজোৰাকৈ অনুষ্ঠিত হয়  ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। লখিমপুৰৰ পৰা আমন্ত্ৰিত মুখ্য ব্যাখ্যাকাৰক জগত বনিয়া আৰু সহযোগী পাঠক  পদ্মেশ্বৰ বনিয়াৰ বাপদ্বয়ে ভাগৱতৰ শ্লোক পাঠ আৰু ব্যাখ্যাৰে মুখৰিত হৈ পৰে নামঘৰ চৌহদ। সহস্ৰাধিক আই, বাপ, জীয়াৰী-বোৱাৰী উপস্থিত হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা লৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন, হত্যাকাৰীৰ কু-অভিসন্ধি ফাদিল, হত্যাকাৰীৰ উচিত শাস্তি আৰু সস্তীয়া ৰাজনীতিত লিপ্তসকলৰ মুখা খোল খোৱাৰ বাবে কাকুতি মিনতি কৰাৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক তেৰাই শক্তি প্ৰদান কৰিবলৈ চাকি বন্তি, শৰাই আগবঢ়ায়। আধ্যাত্মিক অনুষ্ঠানভাগিত আৰম্ভনিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অপৰ্ণৰ লগতে নামঘৰত জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত’ গীত পৰিবেশন কৰে। নামঘৰৰ মেধি আৰু অন্যান্য জ্যেষ্ঠ বিষয়ববীয়া  সকলে অংশ গ্ৰহণ কৰা অনুষ্ঠানত মাহ প্ৰসাদ বিতৰণ কৰা হয়।

