বিহালীত নিৰীহ যুৱকক আৰক্ষীৰ আক্ৰমণ

বিহালীত নিৰীহ যুৱকক আৰক্ষীৰ আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্রতি বিশ্বনাথ জিলাৰ বিহালীৰ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ই ৰাজ্যজুৰি তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে জনহিতৰ্থে আৰু জনসেৱাৰ্থে উৎসর্গিত অসম আৰক্ষীৰ দানৱীয় ৰূপ। খবৰ অনুসৰি, বিশ্বনাথ জিলাৰ বিহালী সম-জিলাৰ অধীনৰ কেটলা খেলপথাৰত অনুষ্ঠিত কালী পূজা মেলাত একাংশ যুৱকৰ মাজত হাই-কাজিয়াৰ সৃষ্টিৰ পিছত এজন সাধাৰণ যুৱকৰ ওপৰত কৰ্তব্যৰত অসম আৰক্ষীয়ে দানৱৰ দৰে জঁপিয়াই উপর্যুপৰি আক্ৰমণ চলায়। ভাইৰেল ভিডিঅ’টোত নাগৰিকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা, আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰ্মৰত আৰক্ষীয়ে যুৱকজনক খেদি খেদি মূৰ, পিঠিত আক্ৰমণ কৰি সাধাৰণ নাগৰিকৰ সন্মুখত বীৰত্ব জাহিৰ কৰে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। সম্প্রতি বিহালীৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত প্রকাশ পোৱা আৰক্ষীৰ কাৰ্যত বিহালীৰ সকলো সমাজ সচেতন ৰাইজ স্তম্ভিত হৈ পৰিছে।