অন্ধ্রপ্রদেশত চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড

Pc The Hindu

অন্ধ্রপ্রদেশত চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুর্ঘটনাত ২৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। আৰক্ষী সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱতি নিশা এখনবিলাসী বাছ প্রায় ৪০ গৰাকী যাত্রী লৈ হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে ৰাওনা হয়। পুৱা কুর্নুল জিলাৰ চিন্নেটপুৰ গাঁৱৰ সমীপৰ বেংগালুৰু-হায়দৰাবাদ ঘাইপথত এখন বাইকৰে মুখামুখি সংঘর্ষ লাগে বাছখনৰ। ফলত বাছখনত অগ্নিকাণ্ডৰ সূত্রপাত হয়। নিমিষতে গোটেই বাছখন জুয়ে আগুৰি ধৰাত যাত্ৰীসকলে ওলোৱাৰ কোনো সুবিধা নাপালে। এই সময়তে এক বিস্ফোৰণৰ শব্দও শুনা যায়। কেইমিনিটমানৰ ভিতৰতে বাছখন জ্বলি ছাই হৈ পৰে। জীৱন্তে অগ্নিদ্বগ্ধ হৈ ২৫গৰাকী অসহায় যাত্রীয়ে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মৃতকৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। প্রধানমন্ত্রী মোদীয়ে কয়- কুৰ্নুলত সংঘটিত ঘটনাত মই স্তম্ভিত হৈছোঁ। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰিছোঁ। ৰাষ্ট্ৰপতি মূৰ্মুৱে কয় এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ পাই অতিকৈ মর্মাহত হৈছোঁ। আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰে সকলো প্ৰকাৰে আহত আৰু ক্ষতিগ্রস্ত পৰিয়ালৰ কাষত থিয় দিব।