খানাপাৰাত যুৱকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খানাপাৰাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। খানাপাৰা উৰণসেতুৰ সমীপত উদ্ধাৰ হয় যুৱকৰ মৃতদেহটো। মৃত যুৱকজনৰ ডিঙিত পোৱা গৈছে জুবিন গাৰ্গ ক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ। কোনোৱে যুৱকজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সেই স্থানত প্রায়েই চালে সুৰা, ড্ৰাগছ, ভাংৰ আড্ডা। ইফালে এই ৰহস্যজনক ঘটনাই স্বাভাৱিকতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সর্বত্র।
