গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিলৈ অভিনন্দন অসম জাতীয় পৰিষদৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিলৈ অভিনন্দন অসম জাতীয় পৰিষদৰ
সাংবাদিকতাৰ স্বতন্ত্ৰতা আৰু বাক-স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাবৰ দায়িত্ব বাঢ়িলঃ অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে ঘোষণা কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল। নৱনিৰ্বাচিত গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিখনক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সভাপতি খগেন কলিতা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি সমূহ নিৰ্বাচিত প্ৰাৰ্থীলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷’সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই লগতে কয়, ‘আমি আন্তৰিকতাৰে আশা কৰিম- গণমুখী সাংবাদিকতাক অধিক উজ্জীৱিত কৰি সাংবাদিকতাৰ স্বতন্ত্ৰতা আৰু বাক-স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাবে বলিষ্ঠ নেতৃত্ব দিবলৈ সক্ষম হ’ব৷ অসমৰ সাংবাদিকতাৰ প্ৰবহমান ঐতিহ্যক নতুন পোহৰেৰে অধিক গতিশীল কৰি তুলিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে সন্মুখৰ পৰা নেতৃত্ব বহন কৰিব৷’ অতি সাম্প্ৰতিক সমাজ-ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবৰ এই নিৰ্বাচনী ফলাফলে ৰাজ্যৰ সামাজিক প্ৰেক্ষাপটলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে বুলিও নেতাদ্বয়ে উল্লেখ কৰে।