বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাৰ অভিযুক্তক আদালতে দিলে মৃত্যুদণ্ড । প্ৰায় ২ বছৰ ধৰি চলা গোচৰৰ অন্তত ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়দান । পত্নী-কন্যা হত্যাকাৰীক ফাঁচিৰ হুকুম আদালতৰ। হত্যাকাৰীটোৰ নাম ঋষভ দাস। ২০২৩ চনৰ ১৩ অক্টোবৰত ঋষভ দাসে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। কন্যা হিয়া দাস আছিল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী। বৰপেটাৰ গান্ধী নগৰত সংঘটিত হৈছিল লোমহর্ষক হত্যাকাণ্ডটো। হত্যাত অভিযুক্ত ঋষভ দাসক সিদিনাই কৰায়ত্ত কৰিছিল বৰপেটা আৰক্ষীয়ে। এই ঘটনাৰ প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেইবাটাও আঙুলি ছেদ কৰিছিল অভিযুক্ত ঋষভ দাসে। প্ৰথমবাৰৰ বাবে বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাৰীক ফাঁচিৰ হুকুম প্ৰদান কৰিছে।