ডিচেম্বৰ অথবা জানুৱাৰী মাহত আধাৰশিলা স্থাপন কৰা হবঃমুখ্য়মন্ত্ৰী

ডিচেম্বৰ অথবা জানুৱাৰী মাহত আধাৰশিলা স্থাপন কৰা হবঃমুখ্য়মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ নিৰ্মাণ কৰা হ’ব ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰ । ইয়াৰ বাবে ইতিমধ্য়ে বিত্তীয় অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰৰ ৷ এই এলিভেটেড কৰিড’ৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰিব সেই বিষয়ে সদৰী কৰিলে মুখ্য়মন্ত্ৰীয়ে।কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ আৰু চাৰিলেনযুক্ত পথৰ অনুমোদন জনোৱাৰ পাছত অহা ডিচেম্বৰ অথবা জানুৱাৰী মাহত আধাৰশিলা স্থাপন কৰা হব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কেন্দ্ৰীয় চৰকাৰে বহু প্ৰচেষ্টাৰ মূৰত আমাৰ কাজিৰঙাৰ ৩২ কিলোমিটাৰ এলিভেটেড কৰিড’ৰ আৰু নেচনেল হাইৱেৰ অনুমোদন দিছে ৷ আমি আশা কৰিম ডিচেম্বৰ- জানুৱাৰী মাহত ইয়াৰ যাতে আধাৰশিলা স্থাপন কৰিব পাৰি ৷” উল্লেখ্য যে ডিচেম্বৰ অথবা জানুৱাৰী মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এলিভেটেড কৰিড’ৰ আৰু ফ’ৰলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রী ড০ শর্মাই এলিভেটেড কৰিড’ৰ আৰু ফ’ৰলেনযুক্ত পথ কাজিৰঙাৰ বাবে এক বৃহৎ উপহাৰ বুলি উল্লেখ কৰে।