নতুন দিল্লীত ভাৰতস্থিত ছিংগাপুৰৰ উচ্চায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত কেন্দ্রীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চাযুক্ত এলিচ চেঙৰ সৈতে পৃথকে পৃথকে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সময়ছোৱাত মুখ্যমন্ত্রী ড° শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তত ছিংগাপুৰ আৰক্ষীয়ে যাতে অসম আৰক্ষীক সহায় কৰে, তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্ৰীয় বৈদেশিক মন্ত্রী জয়শংকৰক আহ্বান জনায়। সেইদৰে অসম হাউছত অনুষ্ঠিত ছিংগাপুৰৰ ভাৰতস্থিত ভাৰপ্ৰাপ্ত উচ্চাযুক্ত চেঙৰে হোৱা বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰে। ছিংগাপুৰলৈ গৈ অসম আৰক্ষীৰ দল এটাই যাতে তদন্ত সম্পাদন কৰিব পাৰে, তাৰ বাবে ভাৰতস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তগৰাকীক মুখ্যমন্ত্ৰী ড° শৰ্মাই আহ্বান জনায়। এইক্ষেত্রত ছিংগাপুৰৰ আৰক্ষীয়ে অসম আৰক্ষীক সহযোগিতা কৰাৰ আশ্বাস দিয়ে দেশখনৰ ভাৰপ্ৰাপ্ত উচ্চাযুক্ত চেঙে।
লগতে দুয়োপক্ষৰ আৰক্ষীয়ে তদন্তৰ তথ্যপাতি আদান-প্রদান কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে। তেওঁ জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ এছআইটিয়ে ছিংগাপুৰ আৰক্ষীৰ সৈতে কি কি বিষয়ক লৈ আলোচনা কৰিব, সেই বিষয়ে জানিব বিচাৰে দেশখনৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তগৰাকীয়ে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম আৰক্ষীৰ দুজনীয়া এটা দলে ছিংগাপুৰৰ পৰা সেউজ সংকেত লাভ কৰা মাত্রেই দেশখন ভ্রমণ কৰিব। এই সময়ছোৱাত চাৰিটা বিষয়ত ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনা কৰিব অসম আৰক্ষীয়ে। ভাৰতস্থিত উচ্চায়ুক্ত চেঙে ছিংগাপুৰ আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈ অসমৰ জনগণক আহ্বান জনোৱা বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে।