যোৰহাটত লোমহর্ষক ঘটনা

যোৰহাটত লোমহর্ষক ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা-হিংসাৰ ঘটনা। আৰক্ষীৰ চৰম দুৰ্বল ভূমিকাৰ বাবেই অপৰাধ নগৰীলৈ পৰিণত হৈছে যোৰহাট। শেহতীয়াকৈ যোৰহাটত এদল উন্মত্তৰ ভয়ংকৰ আক্ৰমণৰ বলি হৈ এজন কিশোৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই যোৰহাটত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নামঘৰত ভাওনা চাই ঘৰলৈ ঘূৰি যোৱাৰ পথত একাংশ দুর্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল বিকাশ দাস নামৰ এজন কিশোৰে। যোৱা শনিবাৰে এই ঘটনা সংঘটিত হৈছিল যদিও মঙলবাৰে পুৱতিনিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় কিশোৰ বিকাশে। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, যোৰহাটৰ চকীহাট নামঘৰত যোৱা ১১ অক্টোবৰত নিশা ভাওনা চাই সৰ্বাইবন্ধাৰ কৃষ্ণ নগৰৰ ভাৰাঘৰলৈ আহি আছিল বিকাশ দাস নামৰ কিশোৰজন। কিন্তু এদল মদ-ড্রাগ্‌ছ সেৱনকাৰী উন্মাদে বিকাশক বেৰি লৈ পাশবিক অত্যাচাৰ কৰাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত চোকা অস্ত্ৰ আৰু ৰডেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰি ৰাজপথত পেলাই যায়। পিছত বিকাশৰ এজন লগৰীয়াই পথৰ কাষত তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰি নিশা প্রায় দুই বজাত মুমূর্ষু অৱস্থাত ঘৰলৈ লৈ আহে। কিন্তু সেই সময়ত বিকাশে একো কথাই ক’ব পৰা অৱস্থাত নাছিল। একমাত্র পুত্ৰৰ এনে অৱস্থা দেখি বিকাশৰ মাতৃ নিভা দাসে এখন গাড়ীত নিশাই যোৰহাট মেডিকেল কলেজ হাস্পতালত পুত্ৰক ভর্তি কৰে। কিন্তু বিকাশৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে আই চি ইউত ভর্তি কৰে। দুদিন আই চি ইউত মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে কিশোৰজনে। ইফালে কিশোৰজনৰ আক্ৰমণৰ ঘটনাত জড়িত থকা তিনিজন লোকক চিনাক্ত কৰি কিশোৰজনৰ মাতৃ নিভা দাসে ঘটনাৰ পিছদিনাই যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানাত ৫৩৫/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১২৬(২)/১১৮(২)/১০৯(এ) ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি বিপুল ভৰালী, প্ৰাঞ্জল দত্ত আৰু ধর্মেন্দ্ৰ দত্তক গ্ৰেপ্তাৰ কৰে। ইফালে কিশোৰজনৰ মৃত্যুৰ পিছত এই অভিযুক্তকেইজনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে পুনৰ ১০৩ ধাৰা নতুনকৈ সংযোজন কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্রাঞ্জল দত্ত নামৰ ব্যক্তিগৰাকী চুৰিকাৰ্যৰ লগতো জড়িত। এইজনৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট সদৰ থানাত তিনিটাকৈ চুৰি গোচৰ ৰজু হৈ আছে।