ছিংগাপুৰৰ আন দুই প্ৰৱাসী অসমীয়া চি আই ডিৰ কাৰ্যালয়ত হাজিৰ

ছিংগাপুৰৰ আন দুই প্ৰৱাসী অসমীয়া চি আই ডিৰ কাৰ্যালয়ত হাজিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   জুুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন পিছত অৱশেষত  চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ল  ছিংগাপুৰৰ  আন দুজন প্ৰৱাসী অসমীয়া তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শেষ মুহূৰ্তত য়টত উপস্থিত আছিল দুয়োগৰাকী। প্ৰাণ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ সাাক্ষী আছিল অভিমন্যু আৰু তন্ময়।জুবিনৰ মৃত্যু তদন্ত চলাই থকাৰ সময়তে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া।এতিয়ালৈকে জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিছে ছিংগাপুৰৰ ৭ জন প্ৰৱাসী অসমীয়াই। জুবিনৰ শেষ মুহূৰ্তত উপস্থিত থকা আন ৪ জন প্ৰৱাসী অসমীয়াই এতিয়ালৈকে কোনো সহাঁৰি দিয়া নাই। চি আই ডিৰ চমন জাৰি কৰা পাছতো এতিয়াও হাজিৰ হোৱা নাই এই চাৰিজন লোক।