জম্মু-কাশ্মীৰত সেনাৰ গুলীত ২ সন্ত্ৰাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতীয় নিৰাপত্তা বাহিনীয়ে গভীৰ নিশা জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত অনুপ্ৰৱেশ কৰা দুটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। সোমবাৰৰ মাজনিশা কুপৱাৰাত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে সন্দেহজনক গতিবিধি লক্ষ্য কৰি জোৱানসকলে অনুপ্ৰৱেশকাৰীক প্ৰত্যাহ্বান জনায় ৷ বিষয়াসকলে জনোৱা মতে, দুয়োপক্ষৰ মাজত গুলীচালনাও হয় ৷ সম্প্ৰতি অঞ্চলটোত অব্যাহত আছে তালাচী অভিযান ৷ ভাৰতীয় সেনাৰ এজন বিষয়াই কয়, “জম্মু-কাশ্মীৰৰ কুপৱাৰা খণ্ডত ভাৰতীয় সেনাৰ সৈন্যই এল অ’ চিৰ কাষেৰে কিছু সন্দেহজনক গতিবিধি লক্ষ্য কৰি সন্ধিয়া ৭ বজাৰ ওচৰত তেওঁলোকৰ ওপৰত গুলীচালনা কৰে ৷ অঞ্চলটোত অভিযান চলি আছে ৷ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ৷” জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কান্দি থানাৰ অন্তৰ্গত বীৰন্থাব অঞ্চলত সন্ত্ৰাসবাদী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট (এছ অ’ জি)ৰ মাজত হোৱা গুলীচালনাৰ ঘটনাৰ মাত্ৰ কেইদিনমানৰ পিছত এই ঘটনা সংঘটিত হৈছে ৷