এছআইটিয়ে ছীল কৰিলে সিদ্ধার্থ শৰ্মাৰ পানীৰ ফেক্টৰী

এছআইটিয়ে ছীল কৰিলে সিদ্ধার্থ শৰ্মাৰ পানীৰ ফেক্টৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়াৰ আবেগ জুবিন গাৰ্গক ব্যৱহাৰ কৰিকেৱল মাথোঁ ধন ঘটা মেনেজাৰ সিদ্ধার্থ শৰ্মা মালিকানাধীন বকোৰ ছাটাবাৰীৰ মহাবীৰ একুৱাফেনা নামৰ খোৱাপানীৰ ফেক্টৰীটোত এছআইটিয়ে অভিযান চলায়। জানিব পৰা মতে, প্রায় এবছৰ পূৰ্বে কোম্পানীটো ক্ৰয় কৰিছিল সিদ্ধার্থ শৰ্মাই। সোমবাৰে দিনৰ ভাগত দলটোৱে ফেক্টৰীটোত প্রায় ৮ ঘণ্টা জুৰি অভিযান চলাই বিভিন্ন নথি-পত্র তথা সামগ্রী জব্দ কৰে। এছআইটিৰ দলটোৱে তদন্তৰ স্বাৰ্থত কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে যদিও ফেক্টৰীটো ছীল কৰে।কেইবা কোটি টকীয়া এই প্ৰকল্পটোৰ বাবে সিদ্ধাৰ্থে ক’ত টকা পাইছিল তাক লৈ সোধ-পোছ অব্যাহত ৰাখিছে এছ আই টিয়ে। ছয়গাওঁস্থিত মহাবীৰ একুৱা নামৰ এই বটলিং কোম্পানীটোৰ বাবে কোটি টকাৰ বিনিময়ত এটা অট্টালিকাও ক্ৰয় কৰিছিল সিদ্ধাৰ্থে।