মধ্য প্ৰদেশৰ জনজাতীয় সংগ্ৰহালয়ত বিনীতা দেৱীৰ পৰিচালনাত অংকীয়া নাট “ৰাম বিজয়” আৰু “ৰাৱণ বধ”ৰ সফল মঞ্চায়ন
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য প্ৰদেশৰ ভূপালত ৮ অক্টোবৰ পৰা ১২ অক্টোবৰ লৈ চলি থকা “পুতুল সমাৰোহ ২০২৫” ৰ জনজাতীয় সংগ্ৰহালয়ৰ মঞ্চত অসমৰ লোক সম্পদ পুতলা নাচৰ মাধ্যমত প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত “অংকীয়া নাট ৰাম বিজয়” সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত মঞ্চস্থ হয়। ৰাম বিজয়ৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত “ৰাৱণ বধ” নাটো মঞ্চস্থ হয়। পুতলা নাট দুখন পৰিৱেশন কৰাত সহযোগিতা আগবঢ়ায় মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়ে । অসমৰ বাবে সৌভাগ্যৰ বিষয়যে অসমৰ লোক কলা পুতলা নাচক ভাৰতৰ সৰ্ববৃহৎ মধ্যপ্ৰদেশৰ জনজাতীয় সংগ্ৰহালয়ত “পুতুল সমাৰোহ ২০২৫”ত গুৰুত্ব প্ৰদান কৰাটো। এয়া অসমৰ বাবে গৌৰৱৰ বিষয়। “অঙ্কীয়া নাট ৰাম বিজয়” লাঠী পুতলাৰ জৰিয়তে পৰিৱেশন কৰা হয়। “অংকীয়া নাট ৰাম বিজয়”ত ভগবান ৰামৰ জীৱনৰ এটা গুৰুত্বপূর্ণ ঘটনা — ৰাম আৰু সীতাৰ বিবাহ —ৰ চিত্ৰ দিয়া হৈছে। কাহিনীটোৰ আৰম্ভণি জনকপুৰী (মিথিলা)ৰ সীতাৰ স্বয়ংবৰৰে হয়, য’ত বহু ৰাজা-ৰাজকুমাৰে হৰধনু ভাঙিবলৈ চেষ্টা কৰে, কিন্তু সফল নহয়। অন্ততঃ ৰামে ধনুখন উঠাই ভাঙি বিজয় লাভ কৰে। ৰজা জনকে অত্যন্ত আনন্দিত হৈ নিজৰ কন্যা সীতাৰ বিবাহ ৰামৰ সৈতে কৰাৰ সিদ্ধান্ত লৈছে। বিবাহ মণ্ডপ আনন্দ আৰু উৎসৱৰে পৰিপূৰ্ণ হৈ পৰে, কিন্তু তেতিয়াহে পৰশুৰামৰ আকস্মিক আগমনে পৰিৱেশত উত্তেজনা সৃষ্টি কৰে। ৰামে বিনয় আৰু ধৰ্মনিষ্ঠাৰে তেওঁৰ ক্রোধ শান্ত কৰে।’অংকীয়া নাট ৰাম বিজয়” পৰিৱেশন দেখি দেশ-বিদেশৰ পৰা অহা শিক্ষাবিদ, গৱেষক, শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে । অংকীয়া নাট খন পৰিৱেশন কৰাত এনে অনুভৱ হৈছিল অভিনয় কৰা কলা-কুশলী সকল পুতলা নহয় মানৱৰহে যেন অভিনয়। অংকীয়া নাটৰ তাল, মান, সঞ্চালন প্ৰতিটো শৈলী উপস্থাপন কৰিছে। সুত্ৰধাৰ, ৰাম, লক্ষ্মণ, সীতা, পৰশুৰাম, ৰজা- মহাৰজা আদি প্ৰতিটো চৰিত্ৰৰ অভিনয়ত কোনো জড়তা নাছিল। সীতাৰ সয়ম্বৰত হৰধনু ভঙা দৃশ্য দেখি দৰ্শক সকল মোহিত হৈছিল। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। এই আটাইবোৰ দিশ নাটখনত দেখা পোৱা গৈছিল। ৰাম বিজয় অংকীয়া নাট খনৰ পিছত ৰাৱণ বধ নাট মঞ্চস্থ হয়। নাট খনত আৰম্ভণি ৰামৰ বনবাসৰ ঘটনাৰ পৰা হয়। তেখেতে নিজৰ পিতাক দিয়া প্ৰতিজ্ঞা অনুসৰি পত্নী সীতা আৰু ভ্ৰাতা লক্ষ্মণক সৈতে চৈধ্য বছৰলৈ বনলৈ গৈ থাকে। বনবাসৰ সময়তে ৰাৱণে সীতাক অপহৰণ কৰে। তেতিয়া ৰামে নিজৰ আঙঠিৰেৰে হনুমানক সীতা ওচৰলৈ পঠিয়ায়, যাতে হনুমানে সেই আঙঠি দেখুৱাই সীতাক নিজৰ পৰিচয় জনাব পাৰে। হনুমানে ৰামৰ আঙুঠি সীতাক দেখুৱাই কয় যে ৰাম তেখেতক উদ্ধাৰ কৰিবলৈ সেনা লৈ আহি আছে। শেষত ৰামে লংকাত আহি ৰাৱণক বধ কৰে আৰু সীতাক পুনৰ উদ্ধাৰ কৰে। “ৰাৱণ বধ” নাটখনত লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়। উপস্থিত থকা দেশ-বিদেশৰ আধ্যাত্মিক গুৰু-ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে । পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল। “ৰাৱণ বধ” নাটৰ ৰাম, সীতা, লক্ষণ, ৰাৱণ, সুৰপনাখা আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। হনুমানে লঙ্কাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই যথেষ্ট আমোদ দিছিল। হনুমানে লঙ্কা কাণ্ড জ্বলাই দিয়াত হনুমানৰ লগতে উপস্থিত থকা দৰ্শক সকলে থিয় হৈ প্ৰণাম জনায় “জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম” বুলি একেলগে উচ্চস্বৰে সেৱা জনাই স্মৰন কৰে। ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত । সুৰপনাখাই ৰাম আৰু সীতাক মোহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰী লৈ ৰূপান্তৰ হোৱা কৌশল দেখি দৰ্শক সকল অভিভূত হৈছিল । লক্ষ্মণে সুৰপনাখাৰ নাক কটা দৃশ্য দেখি দৰ্শক মোহিত হৈছিল। সাগৰ চৰিত্ৰ দেখাবলৈ কাপোৰৰ জৰিয়তে পুতলা দেখাই দৰ্শকক মোহিত কৰিছিল । তেনে নাট সফল ভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাটখনৰে প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে আধ্যাত্মিক গুৰু সকলক । প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ অংকীয়া নাট “ৰাম বিজয়”ৰ সংগীত পাপু গোঁহাই আৰু “ৰাৱণ বধ” নাট খনত সংগীত পৰিচালনা অভিজিৎ বৰ্মণৰ । নাটক দুখনত “পুতুল সমাৰোহ ২০২৫” ৰ আধ্যাত্মিক পৰিবেশৰ লগত আধ্যাত্মিক সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, হেমেন সেনাপতি, পলক কৈৰী, কৰিস্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, মঞ্জু মনি বৰা, কৃষ্টি ৰাজবংশী, তৃষ্ণা কলিতা, মনোজ নাথে। সাজ সজ্জা গনেশ বড়ো, তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, কৃতাৰ্থ শৰ্মাৰ। “অংকীয়া নাট ৰাম বিজয়” ব্ৰজাৱলী ভাষাত আৰু “ৰাৱণ বধ” নাট খন হিন্দী ভাষাত পৰিবেশিত হৈছিল। “পুতুল সমাৰোহ ২০২৫” ত উপস্থিত থকা শিক্ষাবিদ, গৱেষক, শিল্পী, আধ্যাত্মিক গুৰু আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। বিনীতা দেৱীৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।