আবতৰিয়া বৰষুণ – ৰূপালী গগৈ চুতীয়া

Pc- European Wilderness Society

আবতৰিয়া বৰষুণ 

ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়

আবতৰিয়া বৰষুণেও জানে
আমাৰ নেপথ্যৰ আবেগ
সেয়ে নোকোৱাকৈ
হঠাতে আহি চুই গ’ল
পানীৰ টোপাল নে
পুষ্পৰ সুবাস চিনি নোপোৱাকৈ
দি গ’ল মাথো
এটি নতুন নাম
হ’লগৈ পূজা থলী
অমানুহ মানুহ হ’বলৈ ।