অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গ’ল্ডেন থ্রেডছক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে এক মানহানি গোচৰ তৰিলে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই। কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৫০২/২৫ নম্বৰৰ এক ফৌজদাৰী গোচৰ ৰুজু কৰি ৰিণিকি ভূঞা শর্মাই বিধায়ক অখিল গগৈৰ অভিযোগ খণ্ডন কৰাই নহয়, তেওঁ উত্থাপন কৰা অভিযোগৰ প্ৰমাণ দিবলৈ প্রত্যাহ্বান জনায়। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুক লৈ অখিল গগৈয়ে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ গ’ল্ডেন থ্রেডছ নামৰ প্ৰতিষ্ঠানটোৰ সম্পৰ্ক থকাৰ অভিযোগ তোলাৰ লগতে ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেলত গ’ল্ডেন থ্রেডছৰ অনুষ্ঠান চলি থকাৰ কথাও কৈছিল। অখিল গগৈৰ এই অভিযোগক প্রত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হোৱা ৰিণিকি ভূঞা শৰ্মাৰ অধিবক্তা কিশোৰ দত্তই গোচৰ দাখিল কৰি উল্লেখ কৰে যে ছিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে গ’ল্ডেন থ্রেডছৰ দূৰ-দূৰণিলৈকে কোনো সম্পর্ক নাই। নর্থ-ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত অংশগ্রহণো কৰা নাছিল গ’ল্ডেন থ্রেডছে। অধিবক্তা কিশোৰ দত্তই ইয়াকো কয় যে অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা এই মানহানি গোচৰত প্রতিবিম্ব লাইভৰ সঞ্চালক তফিকুদ্দিন আহমেদকো জড়িত কৰা হৈছে। অহা ৩০ অক্টোবৰত এই গোচৰৰ শুনানি হ’ব। আনহাতে অখিল গগৈক প্রত্যাহ্বান জনাই সামাজিক মাধ্যমত ৰিণিকি ভূঞা শর্মাই লিখিছে-মোৰ সংস্থা পিইইপিএলৰ জৰিয়তে অখিল গগৈক ছিংগাপুৰলৈ যাবলৈ প্ৰথম শ্ৰেণীৰ টিকট, পঞ্চতাৰকা হোটেলত থকাৰ ব্যৱস্থা আৰু তেওঁ দাবী কৰা অভিযোগৰ প্ৰমাণ সংগ্ৰহৰ বাবে খৰচ বহন কৰি সহায় কৰিব বিচাৰিছোঁ। যাতে তেওঁ নিজৰ তথ্য বিচাৰি উলিওৱাৰ অভিযান সম্পূৰ্ণ কৰাৰ পিছত আমি ৩০ অক্টোবৰত আদালতত প্রথম শুনানিৰ বাবে লগ হ’ম। উল্লেখ্য যে ৰিণিকি ভূঞা শৰ্মাৰ অধিবক্তা কিশোৰ দত্তই আজি ইয়াকো উল্লেখ কৰিছে যে সামাজিক মাধ্যমত যিসকল লোকে তেওঁৰ ক্লায়েন্টৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে, তেওঁলোকৰ বিৰুদ্ধেও গোচৰ তৰা হ’ব। ইয়াৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ আৰু চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে গোচৰ তৰা হ’ব।