সদৌ অসম গোসাঁই সমাজৰ শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ লগতে পৰিয়ালক বৰ্জন
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাই পৰা শ্যামকানু মহন্ত আৰু তেওঁৰ পৰিয়ালক এঘৰীয়া কৰিলে সদৌ অসম গোসাঁই সমাজে। একে সময়তে শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ক্ষেত্ৰতো সদৌ অসম গোসাঁই সমাজে অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে সদৌ অসম গোসাঁই সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ মহন্ত আৰু প্ৰধান সম্পাদক বিপ্লব জ্যোতি মহন্তই । বিবৃতিটোত কয় যে আমাৰ হিয়াৰ আমঠু, মৰমৰ জুবিনদাক হত্যা কৰা নৰপিশাচৰূপী শ্ৰীশ্ৰীবৰখাটপাৰ সত্ৰৰ শ্যামকানু মহন্ত আৰু তেওঁৰ পৰিয়ালবৰ্গক সদৌ অসম গোসাঁই সমাজৰ পৰা বৰ্জন কৰা হ’ল। তেওঁলোকৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্ব মহন্তৰ লগতে পৰিয়ালক গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে। কিয়নো সৃজনীয়ে বিহুৰ সময়ত যিটো ভিডিঅ’ ৰিলিজ কৰিছিল, সেইটো কোনো কাৰণতে গ্রহণযোগ্য নহয়। সেইবাবে আমি থানাত এজাহাৰ দিছিলোঁ যদিও আজিলৈকে পৰি থাকিল। ধৃষ্টতামূলক এনে কার্যত আমি সদৌ অসম গোসাঁই সমাজে গভীৰ উদ্বেগ প্রকাশ কৰিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ। শ্ৰীশ্ৰীবৰখাটপাৰ সত্ৰৰ এই পৰিয়ালটোক আনুষ্ঠানিকভাৱে গোসাঁই সমাজে বৰ্জন কৰিছোঁ। আগন্তুক দিনত তেওঁলোকৰ লগত গোসাঁই সমাজৰ কোনো সম্পর্ক নাই। উল্লেখ্য যে যোৱা ৬ অক্টোবৰত অনুষ্ঠিত সদৌ অসম গোসাঁই সমাজৰ এক জৰুৰী সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উক্ত সভাত লোৱা সিদ্ধান্ত মর্মে শ্যামকানু মহন্তৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজে সেইদিনাই দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছিল। সদৌ অসম গোসাঁই সমাজে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়। লগতে এনে ঘটনাক তীব্ৰ গৰিহণা দিয়ে।