মুখ্যমন্ত্ৰীৰ মন্তব্যক তিৰস্কাৰঃকংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদত থাকি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাতৃ সমাজৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাটাও শাখাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ অৰুণোদয় প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছিল নে নাই জাতীয় অৰুচিকৰ আৰু অসন্মানজনক বক্তব্য দিয়াৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি শাখাৰ অধ্যক্ষ কৃষ্ণা দাসে গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰত অনুসূচিত জাতিৰ মাতৃ সমাজক অপমানিত কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ একেদৰে কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ জিলা অধ্যক্ষ চেৰিছমা লেংথেপিয়ে অসমৰ জনজাতি মাতৃসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অপমানৰ বাবে এখন এজাহাৰ দাখিল কৰিছে৷ মুখ্যমন্ত্ৰীজনে বাৰেভচহু কথাৰে অসমৰ আইমাতৃ সমাজক বাৰে বাৰে অপমান কৰাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷