ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কেবিনেটে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেন্সন আঁচনি, চমুকৈ ইউপিএছ প্ৰৱৰ্তনত অনুমোদন জনায়। এই আঁচনিৰ জৰিয়তে কৰ্মচাৰীসকলে এনপিএছত থাকিব নে ইউপিএছ পেন্সন আঁচনিত থাকিব এই সিদ্ধান্ত ল’ব পাৰিব। অৱশ্যে নতুন নিযুক্তিপ্রাপ্তসকলে এনপিএছত থাকিব। কেবিনেট সিদ্ধান্তত বিস্তৃত তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিগত সময়ছোৱাত এনপিএছ আৰু আ’পিএছ এক আলোচনাৰ বিষয়বস্তু আছিল। কেন্দ্রীয় চৰকাৰে এক সিদ্ধান্ত গ্রহণ কৰিছিল যে ২৫ বছৰ কাম কৰি থকা যিসকল কৰ্মচাৰী আছে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে পুৰণি পেন্সন আঁচনি অৰ্থাৎ পুৰণি পেন্সন আঁচনিৰ অধীনত পেন্সন প্ৰদান কৰা হ’ব। আনহাতে, যিসকলে ১০ বছৰ কাম কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰিবলগা হয় তেওঁলোকক পেন্সন প্ৰদান কৰাৰ লগতে কৰ্মচাৰীসকলক মৰগীয়া বানচ আদিও প্রদান কৰা হয়। এই আঁচনিৰ নাম দিয়া হৈছিল ইউনিফাইড পেন্সন আঁচনি। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এনপিএছ আৰু অ’পিএছ দুয়োটাৰে সামঞ্জস্য ৰাখি চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেন্সন প্রদান কৰিবলৈ ইউনিফাইড পেন্সন আঁচনি আৰম্ভ কৰিছে। দেশৰ ৪খন ৰাজ্যই ইতিমধ্যে ইউপিএছ আঁচনি গ্রহণ কৰিছে। অসম চৰকাৰেও ইউপিএছ আঁচনি অসমৰ কৰ্মচাৰীসকলৰ বাবে অনুমোদন জনায়। ইয়াৰ ফলত ৰাজ্যত দীর্ঘ সময়ৰ পৰা চলি থকা এনপিএছ আৰু অ’পিএছৰ বিতৰ্ক সামৰণি পৰিব। যিসকল কৰ্মচাৰীয়ে এনপিএছত থাকিব বিচাৰে তেওঁলোকে এনপিএছত থাকিব পাৰিব আৰু যদি ইউপিএছত থাকিব বিচাৰিছে ইউপিএছতো থাকিব পাৰিব। অহা এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে এনপিএছ নে ইউপিএছত থাকিব। ইয়াৰ ফলত কৰ্মচাৰীসকলে সেৱাকাল সম্পূৰ্ণ কৰাৰ পাছত অথবা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব। একেদৰে সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ’ব অৱসৰৰ ঠিক আগে আগে ১২ মাহৰ গড় মূল দৰমহা (বেছিক পে’)ৰ ৫০ শতাংশ। পাৰিবাৰিক পেন্সন হ’ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেন্সন পৰিশোধ পৰিমাণৰ ৬০ শতাংশ আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অর্জনকাৰী সেৱাৰ প্ৰতি ৬ মাহৰ বাবে মাহিলি বেতনৰ ১০ শতাংশ (মূল বেতন+মৰগীয়া ভাট্টা) লাভ কৰাৰ ব্যৱস্থা থাকিব। কেবিনেটে অসমৰ স্বাস্থ্যখণ্ডৰ ব্যাপক ৰূপান্তৰৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰা অনুসৰি কেবিনেটে ৪,২৮৭ কোটি টকা ব্যয়েৰে আছাম ষ্টেট টার্চিয়েৰী হেল্থ কেয়াৰ অৱমেণ্টেচন (এএছইএইচএ) প্রকল্পত অনুমোদন জনায়। এই প্রকল্পটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত বৰ্তমানৰ চৌহদৰ ঠাইত নতুন চৌহদ নির্মাণকে ধৰি আন্তগাঁথনি আৰু প্ৰণালী উন্নত কৰি বিশেষ পৰ্যায়ৰ চিকিৎসাৰ উপলব্ধতা আৰু গুণগত মান বৃদ্ধি কৰিব। ৰাজ্যিক কেবিনেটে শিক্ষকৰ বদলি আৰু নিয়মীয়াকৰণ সন্দৰ্ভত গ্ৰহণ কৰিলে আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত। কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ আৰু চৰ অঞ্চলত যিসকল যুৱতী শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে তেওঁলোকৰ ৫ বছৰ সম্পূৰ্ণ কৰাসকলক গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়- নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমৰা বা চৰ অঞ্চলত যিসকল যুৱতী শিক্ষয়িত্ৰী কাম কৰি আছিল তেওঁলোকক বদলি হোৱাৰ সুযোগ দিয়া হ’ব। পূর্বে বদলিকৰণৰ বাবে অতি কমেও ১০ বছৰ এখন বিদ্যালয়ত কাম কৰিব লাগিছিল। কিন্তু কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই শিক্ষয়িত্ৰীসকলে ৫ বছৰ কাম কৰা হ’লেই গৃহ জিলালৈ বদলিৰ সুবিধা লাভ কৰিব। কেবিনেটে লগতে সমগ্র শিক্ষা অভিযানত পূর্বে ৫ বছৰৰ বিপৰীতে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণত অনুমোদন জনায়। কেবিনেটে শিলচৰ চহৰত যান-ৰ্জট সমস্যা হ্রাস কৰিবলৈ ২০২৫-২৬ বৰ্ষৰ বাবে এছঅ’পিডি-জিৰ অধীনত কেপিটেল পইণ্টৰ ওচৰত ট্রাংক ৰোডৰ পৰা শিলচৰৰ ৰংগিৰখাৰী পইন্টলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩০৬ৰ অংশত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ বাবে প্রথম পৰ্যায়ত অনুমোদন জনায়। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে এছঅ’পি ডি-জি অধীনত এই প্ৰকল্পৰ বাবে মুঠ ব্যয় ধাৰ্য কৰা হৈছে ৫৬৪.৫০ কোটি টকা। ইয়াৰে ১০০ কোটি টকা ভূমি অধিগ্রহণৰ বাবে ধাৰ্য কৰা হৈছে। ৩০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে শিলচৰৰ মাজেৰে সুচল, নিৰাপদ আৰু দ্রুতগামী যাতায়াতৰ সুবিধা প্ৰদান কৰিব। কেবিনেটে আজি চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি সৰলীকৃত এক ব্যৱস্থাত অনুমোদন জনায়। সেই অনুসৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সংশোধনী (প্ৰথম বৰ্ষৰ এমবিবিএছ/বিডিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়মাৱলী) বিধি, ২০১৭ (২০২৫ চনলৈকে সংশোধন কৰা অনুসৰি) অনুমোদন জনায়। এই বিধি অনুসৰি ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰা অসমৰ স্থায়ী বাসিন্দা প্রার্থীসকল ৰাজ্যিক কোটাৰ অধীনত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত হ’ব। এইক্ষেত্ৰত তেওঁলোকৰ শেষৰ তিনি প্রজন্ম অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। আনহাতে, অৰুণাচল প্রদেশৰ মৰাণ সম্প্রদায় ৰাজ্যিক কোটাৰ অধীনত অসমত এমবিবিএছ আৰু বিডিএছত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত হ’ব। একেদৰে অ’বিচি/এমঅ’বিচি (এনচিএল) শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদনৰ সময়ত এনচিএল প্রমাণ-পত্র বাছনি কৰাত ব্যর্থ হোৱা বা দাখিল নকৰা প্রার্থীসকল এমবিবিএছ বা বিডিএছ কাউন্সেলিঙৰ প্ৰথম ৰাউণ্ডলৈকে যিকোনো সময়তে তেওঁলোকক আবেদন দাখিল কৰিবলৈ অনুমতি দিয়া হ’ব। আনহাতে, অৰুণাচল প্রদেশত বাস কৰা মৰাণ জনগোষ্ঠীক ২০২৬ বৰ্ষৰ পৰা অসমত বাসকৰা মৰাণ জনগোষ্ঠীৰ সমান মর্যাদা প্রদান কৰা হ’ব। কেবিনেটে গ্রামাঞ্চলত সকলো বতৰ উপযোগী যোগাযোগ ব্যৱস্থা নিশ্চিত হোৱাকৈ গ্ৰহণ কৰে এক সিদ্ধান্ত। সেই অনুসৰি জলবায়ুৰ স্থিতিস্থাপক গ্রাম্য দলং নিৰ্মাণৰ বাবে অসম স্থিতিস্থাপক গ্রাম্য দলং কাৰ্যসূচী (এআৰআৰবিপি)ৰ বাবে ৪,৮১৬,৩১ কোটি টকাৰ সংশোধনী প্রশাসনিক অনুমোদন ব্যয়ত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত ৩৫০খন নতুন দলং নির্মাণ, ১০৩ ঠেক পকী দলং বহল কৰা, ৬৯৪খন অস্থায়ী, খহি পৰা বা বানবিধ্বস্ত, সংকটপূর্ণ দলংসমূহ নতুন দলঙলৈ সলনি কৰা আৰু বিদ্যমান ৩৭খন দলঙৰ উন্নত মেৰামতি কৰা হ’ব। কেবিনেটে অসম চৰকাৰৰ অধীনস্থ বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা ৩,১১,৬১৪ গৰাকী ছাত্ৰীক চাইকেল প্ৰদানৰ বাবে ১৩০ কোটি টকা বিত্তীয় অনুমোদনৰ প্ৰস্তাৱত মঞ্জুৰি প্ৰদান কৰে। ইয়াৰ দ্বাৰা নৱম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰীক এখনকৈ বিনামূলীয়া বাইচাইকেল প্রদান কৰিলে ড্রপ আউটৰ সংখ্যা হ্রাস কৰাত সহায়ক হ’ব। কেবিনেটে ১,২৩১ গৰাকী মাষ্টাৰোল, কেজুৱেল আৰু ফিক্সডপে’ কৰ্মচাৰীৰ ন্যূনতম দৰমহাৰ স্কেল প্রদানত অনুমোদন জনাইছে। সাধাৰণ প্রশাসন বিভাগৰ অধীনত নিয়োজিত ৯৯ গৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈ পূৰ্বৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৬,৪০০ টকাকৈ সহায়ক ভাট্টাৰ সমহাৰত ফিক্সডপে’ বৃদ্ধিত কেবিনেটে অনুমোদন জনায়। ৰাজ্যিক কেবিনেটে ২০২৫ বৰ্ষৰ ৭ অক্টোবৰৰ পৰা প্ৰদান কৰিবলগীয়া অৰুণোদয় ৩.০ৰ অধীনত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ (এএছআৰএলএম) (বিটিআৰ জিলাসহ) ১০,১৮৬গৰাকী কমিউনিটী কেডাৰক অৰুণোদয় হিতাধিকাৰী হিচাপে অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনায়। ইয়াৰ বাবে অতিৰিক্ত ব্যয় হ’ব প্রতি মাহে ১.২৭ কোটি টকা। ইফালে, কেবিনেট সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে তামিলনাডুত নিহত অসমৰ ৯ শ্ৰমিকৰ পৰিয়াললৈ এককালীন সাহায্য প্রদান কৰা হ’ব। প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে অলপতে তামিলনাডুৰ এটা তাপবিদ্যুৎ প্রকল্পত কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাত অসমৰ ৯জন শ্রমিক নিহত হৈছিল। এই নিহত শ্রমিকসকলৰ মৃতদেহ ৰাজ্য চৰকাৰে ইতিমধ্যে সন্মানসহকাৰে ৰাজ্যলৈ ওভতাই আনিছে। মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা অনুসৰি তামিলনাডুত নিহত হোৱা এই ৯গৰাকী শ্রমিকক তামিলনাডু চৰকাৰে ১০ লাখ টকাকৈ ইতিমধ্যে সাহায্য প্রদান কৰিছে।