১৯ ছেপ্টম্বৰ দিনটো জুবিন গাৰ্গৰ স্মৃতি দিৱস হিচাপে পালন কৰিব সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা, অসমে
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পীজনক হেৰুৱাই সমগ্র ৰাজ্য ম্ৰিয়মান। জনতাৰ ভোক, পিয়াহ, টোপনি হেৰাল। কেৱল জুবিনৰ বাবে চৌদিশে হাহাকাৰ, কান্দোনৰ ৰোল উঠিছে। জুবিনৰ ” মায়াবিনী ৰাতিৰ বুকুত” কেৱল এতিয়া এটা গানহৈ থকা নাই। অসমৰ তিনি কোটি চল্লিশ লাখ মানুহৰ হৃদয়ৰ প্ৰাৰ্থনা হৈ নিগৰিছে অহৰহ। উল্লেখ্য যে, সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা,অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰপৰা অসমৰ ৰাইজৰ হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ হাতত এক শোক- বাৰ্তা প্ৰদান কৰা হয়। লগতে শিল্পী গৰাকীৰ গৃহতে এটি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, প্ৰতি বছৰে ১৯ ছেপ্টেম্বৰ দিনটো সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অসম কেন্দ্ৰীয় সমিতিৰ ফালৰপৰা কেন্দ্ৰীয় ভাবে জুবিন গাৰ্গৰ স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব বুলি সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা, অসমৰ সভাপতি অভিষেক ৰাজ কলিতাই জানিবলৈ দিয়ে। সভাপতি কলিতাই মন্তব্য কৰে যে, প্ৰাণৰ শিল্পীজনে নিজৰ কৰ্মৰদ্বাৰা সকলোৰে হৃদয়ত ভগৱানৰ দৰে স্থান লাভ কৰিছে। জুবিনদাই সকলোকে শিকাই গৈছে, সাধনা কাক কয়। অন্যায় বেয়া পোৱা আৰু ভীষণ ভাবে মানুহ – প্ৰকৃতি ভাল পোৱা শিল্পীজনৰ আদৰ্শৰে আমি কাম কৰি যোৱা উচিত বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি জুবিনৰ মৃত্যুৰ বাবে যিসকল জগৰীয়া সকলোকে শীঘ্ৰেই উচিত শাস্তি দি জুবিনৰ ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।