দৰদী শিল্পী জুবিন গাৰ্গৰ কণ্ঠত পোষণ মাহৰ এটি গীত – দ্বীপেন বৰুৱা

Pc Pinterest

দৰদী শিল্পী জুবিন গাৰ্গৰ কণ্ঠত পোষণ মাহৰ এটি গীত

দ্বীপেন বৰুৱা
ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ,
জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ

জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ আছিল অসমীয়া সংগীতৰ এক প্ৰতিচ্ছবি। এনে এগৰাকী দৰদী ক্ষণজন্মা শিল্পীৰ আকস্মিক, অনাকাংক্ষিত মৃত্যুত আজি সমগ্ৰ অসম তথা দেশবাসী শোকত ম্ৰিয়মান৷ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ এখন সাগৰত সাঁতুৰি থকা অৱস্থাত অসমবাসীৰ আটাইতকৈ আদৰৰ এই শিল্পীগৰাকীৰ মৃত্যু হয়৷ কিন্তু তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই৷ চৰকাৰেও তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ মৃত্যুৰ কাৰণ যিয়েই নহওঁক, অসমীয়া সংগীতৰ “আইকণ”, জাতিৰ সম্পদ জুবিন গাৰ্গক অসমবাসীয়ে আৰু কেতিয়াও ঘূৰাই নাপায়৷ এই শূণ্যতা আৰু কেতিয়াও পূৰণ নহয়৷ অসমীয়া জাতিৰ সংকটৰ মুহুত্বত তেওঁ সন্মুখৰ পৰা নেতৃত্ব লৈছিল৷ তেওঁৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থা আছিল যাৰ জৰিয়তে তেওঁ বিভিন্ন সামাজিক কাম কৰিছিল৷ এগৰাকী স্বাভিমানী অসমীয়া হিচাপে তেওঁ সদায় অসমৰ কথা ভাবিছিল আৰু অসমীয়াৰ স্বাৰ্থত যুঁজ দিছিল।

অসমীয় সংগীত জগতৰ এক উজ্জ্বল নক্ষত্র আছিল জুবিন। তেওঁৰ হৃদয়স্পৰ্শী গীতসমূহে অসমীয়া মানুহৰ বাবে এক আমূল পৰিৱৰ্তন অনাৰ লগতে অসমীয়া সংগীতৰ জগতত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল৷ তেওঁৰ দৰদী কণ্ঠ, সুৰৰ প্ৰৱাহ আৰু গীতৰ বিষয়বস্তুৱে তেওঁক অসমৰ সকলো স্তৰৰ মানুহৰ বাবে আদৰৰ শিল্পী কৰি তুলিছিল। তেওঁৰ গীতসমূহত অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু জনজীৱনৰ এক প্ৰতিফলন দেখা যায়। তেওঁৰ গীতবোৰে অসমীয়া ভাষাৰ লগতে অন্যান্য ভাষাতো জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ গীতসমূহ কোনো এক বিশেষ শ্ৰেণীৰ মাজত সীমাবদ্ধ নাছিল, বৰঞ্চ প্ৰতিটো স্তৰৰ মানুহৰ হৃদয় চুইছিল। সঁচা অৰ্থত তেওঁ একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, অভিনেতা আৰু সমাজসেৱক আছিল৷ তেওঁৰ গীত–সুৰৰ যাদু অসমতেই নহয়, সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল তথা ভাৰতজুৰি হৃদয় জয় কৰিছিল।

জনপ্ৰিয়তাৰ ক্ষেত্ৰত অসমত জুবিন গাৰ্গ একক আৰু অদ্বিতীয়৷ তেওঁ আছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ৷ তেওঁৰ সৃষ্টিৰাজিৰ গভীৰতা, সমাজবাদী চেতনা, মৌলিকতা আৰু জনপ্ৰিয়তাৰ বাবে এইসমূহ অসমীয়া সংগীত জগতত এক মাইলৰ খুঁটি। তেওঁ ৩৫ বছৰৰো অধিক সময়ত ৪০টাতকৈও অধিক ভাষাত ৩৮,০০০ তকৈও অধিক গীত বাণীবদ্ধ কৰিছে। এই কথা তেওঁ নিজেই বিভিন্ন মঞ্চত ঘোষণা কৰি গৈছে৷ ‘অনামিকা’ শ্ৰব্য এলবামৰ যোগেদি এজন সফল গীতিকাৰ আৰু সুৰকাৰ হিচাপে তেওঁ আত্ম-প্ৰকাশ কৰিছিল। তেওঁৰ গীতবোৰত কেৱল বিনোদন নহয়; সমাজ, প্রেম, প্ৰকৃতি, জীৱনদৰ্শন আৰু জনমানসৰ দৰদ একেলগে প্ৰতিফলিত হয়। তেওঁৰ গীতৰ ভাষা সহজ, হৃদয়স্পৰ্শী আৰু সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ লগত মিল থকা। সুৰবোৰত অসমীয় লোকসঙ্গীতৰ মাধুৰ্য আৰু আধুনিক বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ থাকে।

জুবিন গাৰ্গৰ কণ্ঠ কেৱল মঞ্চতেই আৱদ্ধ নাছিল; তেওঁ সমাজৰ বেলেগ–বেলেগ ক্ষেত্ৰতো সচেতনতাৰ সৃষ্টি কৰিছে৷ বিশেষকৈ স্বাস্থ্য, শিক্ষা, পৰিৱেশ সংৰক্ষণ, পুষ্টি আদি বিষয়ত ৰাজ্য তথা দেশৰ বিভিন্ন জনসচেতনতামূলক অভিযানত তেওঁ নিজৰ সুৰ, কণ্ঠ আৰু সৃষ্টিৰ মাধ্যমেৰে এক অনবদ্য অৱদান আগবঢ়াই গৈছে৷ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ হৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ এটি গীতত তেওঁ কণ্ঠদান কৰি সহযোগিতা কৰিছে৷ “আহাচোন আহা, কাণ পাতি শুনা, ক’ম আমি পোষণৰ দৰকাৰী কথা” শীৰ্ষক এই গীতটি অসমত অতি জনপ্ৰিয় হৈছে আৰু সমাজত পৰিপুষ্টিৰ বাৰ্তাসমূহ গীতটিৰ মাধ্যমেৰে সহজতে বিলাবলৈ সক্ষম হৈছে৷ পোষণৰ গীত হিচাপে এতিয়া গীতটি সকলোৱে আদৰি লৈছে৷ গীতটিত জুবিনে অভিনয়ো কৰিছে৷ তেওঁৰ সতে সহযোগী শিল্পী হিচাপে কণ্ঠ নিগৰাইছে ৰুবী কলিতাই৷ গীতটিৰ কথা আৰু সুৰ চন্দন বেজবৰুৱাৰ৷

উল্লেখযোগ্য যে প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহত সমগ্ৰ ভাৰতবৰ্ষতেই পোষণ মাহ পালন কৰে৷ সমাজৰপৰা পুষ্টিহীনতা দূৰীকৰণ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবে এই কাৰ্যসূচী দেশজুৰি আয়োজিত হয়। এই মাহত চৰকাৰ তথা বিভিন্ন সমাজসেৱী সংগঠনে পুষ্টিৰ প্ৰচাৰ আৰু মাতৃ-শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী হাতত লয়। এই পোষণ মাহৰ সময়ত সচেতনতা বিস্তাৰৰ বাবে গীত-সংগীত আদি জনপ্ৰিয় মাধ্যমো ব্যৱহাৰ কৰা হয়। সেয়েহে, জুবিনৰ দৰদী কণ্ঠত পোষণৰ গীতটিয়ে জনসাধাৰণৰ মাজত পৰিপুষ্টিৰ বিষয়ে সচেতনতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ সাধাৰণ মানুহে সভা-সমিতিত বক্তব্য বা তথ্যচিত্রৰ পৰা যিমান বুজিব পাৰে, এটা হৃদয়স্পৰ্শী গীতৰ জৰিয়তে তাতোকৈ বেছি উপলব্ধি কৰিব পাৰে৷

দৰদী শিল্পী জুবিন গাৰ্গৰ কণ্ঠত পোষণ মাহৰ গীতটি কেৱল এটি সচেতনতামূলক গীত নহয়; ই অসমবাসীৰ হৃদয়ৰ ভাষাত পুষ্টি আৰু স্বাস্থ্যৰ বাণী আগবঢ়োৱা এক জাগৰণৰ গীত। গীতটিৰ মূল বাণী হ’ল – “সুস্থ মাতৃ, সুস্থ শিশু আৰু সুস্থ সমাজ”৷ মাতৃ আৰু শিশুৰ মাজত পুষ্টিৰ সংযোগেৰে গীতটিৰ প্ৰথম স্তৱক আৰম্ভ হয়৷ এই অংশত মাতৃ–শিশু স্বাস্থ্যই সমাজ গঠন কৰে বুলি স্পষ্টকৈ কোৱা হৈছে। দ্বিতীয় স্তৱকত শিশুৰ আহাৰ সম্পৰ্কে উল্লেখ কৰিছে৷ শিশুৱে গাখীৰ, শাক–পাচলি, ফল–মূল, দাইল আদি খোৱা উচিত। ইয়াত স্থানীয় শস্য আৰু শাক–পাচলিৰ গুৰুত্ব বৰ্ণনা কৰিছে। অৰ্থাৎ ইয়াৰ জৰিয়তে সুষম আহাৰৰ প্ৰয়োজনীয়তা দেখুৱা হৈছে।

গীতটিৰ তৃতীয় স্তৱকত গর্ভৱতী মহিলাৰ যতনৰ কথা বৰ্ণনা কৰিছে৷ সুস্বাস্থ্য অটুট ৰাখিবলৈ গর্ভৱতী মহিলাই যথেষ্ট বিশ্ৰাম, পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু পুষ্টিকৰ আহাৰ ল’ব লাগিব। নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু আইৰণ ফলিক টেবলেট খোৱাৰ কথাও উল্লেখ আছে। চতুৰ্থ স্তৱকত সচেতনতা আৰু অংশীদাৰিত্বৰ কথা কৈছে৷ এইক্ষেত্ৰত অংগনৱাড়ী কেন্দ্ৰৰ ভূমিকা আৰু পৰিয়ালৰ দায়িত্ব অতি প্ৰয়োজনীয়৷ ইয়াত পোষণ অভিযানক জনআন্দোলনৰ ৰূপত গঢ়ি তোলাৰ আহ্বান কৰা হৈছে। পঞ্চম তথা অন্তিম স্তৱকত এক আশাবাদী সুৰেৰে সমগ্ৰ সমাজক একতাবদ্ধ হোৱাৰ কথা প্ৰকাশ কৰিছে। ইয়াত কৈছে যে শিশু আৰু মাতৃৰ হাঁহিয়েই হৈছে সমাজৰ শক্তি৷ পোষণৰ এই গীতটিৰ ভাষা অতি সহজ, যাতে গাঁও–চহৰ, শিক্ষিত–অশিক্ষিত সকলোৱে এবাৰতে বুজিব পাৰে। গীতটিৰ সুৰ মিঠা, যাতে শিশু–মহিলা সকলোৰে মনত আনন্দ দিব পাৰে৷ জুবিনৰ কণ্ঠত গোৱা এই গীতৰ দ্বাৰা বহু লোক পৰিপুষ্টিৰ ক্ষেত্ৰত সচেতন হ’ল।

উপসংহাৰঃ এটি সুৰীয়া গীত হৈছে মানৱ হৃদয় স্পৰ্শ কৰাৰ আটাইতকৈ সহজ মাধ্যম। জুবিন গাৰ্গে কণ্ঠদান আৰু অভিনয় কৰা পোষণ মাহৰ গীতটি এটি মানৱীয় দৰদ আৰু সমাজসেৱাৰ উদাহৰণ৷ গীতটিত তেওঁৰ হৃদয়স্পৰ্শী কণ্ঠই পোষণ মাহৰ মহৎ লক্ষ্য আৰু উদ্দেশ্য সাধনত সহায় কৰাৰ উপৰিও পোষণ অভিযানক এক নতুন মাত্ৰা দিলে৷ চৰকাৰৰ পুষ্টিহীনতামুক্ত সমাজ গঢ়াৰ দিশত আগুৱাই নিছে। ইয়াৰ কৃতিত্ব নিশ্চিতভাৱে গায়ক জুবিনৰো প্ৰাপ্য৷ কোনো এক সামাজিক অভিযানৰ উদ্দেশ্য যিমানেই মহৎ কিম্বা গুৰুত্বপূৰ্ণ নহওঁক কিয়, যদি সেই কথাই মানুহৰ মনত স্থান ল’ব নোৱাৰে, তেন্তে কেতিয়াও ঈপ্সিত লক্ষ্য পূৰণ নহয়। গতিকে ক’ব পাৰি যে জুবিন গাৰ্গৰ গীত কেৱল সুৰৰ মাধুৰ্য নহয়; ই সমাজ গঠন, স্বাস্থ্য–সচেতনতা আৰু পোষণ সমৃদ্ধ ভৱিষ্যৎ নিৰ্মাণৰ এক শক্তিশালী অস্ত্ৰ।