আজিৰে পৰা দেশজুৰি বলবৎ হ’ব নতুন জিএছটিৰ হাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি দেশজুৰি নতুন জিএছটি বলৱতৰ কথা ঘোষণা কৰে। আজিৰ পৰা সমগ্ৰ দেশত নেক্সট জেন জিএছটি বলবৎ হ’ব। এই সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশে এখোজ আগুৱাব। কাইলৈৰ সূর্যোদয়ৰ পৰাই নতুন জিএছটি সংস্কাৰ ৰূপায়ণেৰে সমগ্ৰ ভাৰততে জিএছটি বছত উৎসৱ আৰম্ভ হ’ব। তেওঁ কয় যে সেই উৎসৱে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সঞ্চয় বৃদ্ধি কৰাৰ লগতে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিব। প্রধানমন্ত্রীয়ে বছত উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্রেণী, নব্য মধ্যবিত্ত শ্রেণী, যুৱক-যুৱতী, কৃষক, মহিলা আৰু ব্যৱসায়ী তথা উদ্যোগীসকলে লাভ কৰিব। দেশৰ কোটি কোটি পৰিয়ালক নতুন জিএছটি গাঁথনিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনী ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে ব্যৱসায়িক কার্যকলাপ, অধিক বিনিয়োগ আকর্ষণ আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব বুলি কয়। ২০১৭ চনত জিএছটি বলৱতৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে দেশত এক ডজনতকৈও অধিক কৰ গাঁথনিৰ জটিলতাৰ প্ৰসংগ উত্থাপন কৰে। পূৰ্বৰ কৰ গাঁথনি দেশৰ ভিতৰতে সামগ্ৰী পৰিবহণত দেখা দিয়া অসুবিধাৰ বিপৰীতে নতুন জিএছটিয়ে সমগ্র দেশতে এক কৰ গাঁথনিৰ সূচনা কৰা বুলি কয়। ২০১৪ চনত দেশৰ শাসনভাৰ গ্ৰহণৰ পিছতে তেওঁৰ চৰকাৰে জিএছটি বলবৎ কৰাটোত অগ্রাধিকাৰ দিছিল। বৰ্তমান চৰকাৰে নতুন কৰ গাঁথনিৰ অধীনত মূলতঃ ৫ আৰু ১৮ শতাংশ কৰহে বলৱৎ থাকিব। তদুপৰি বীমা আৰু জীৱনদায়িনী ঔষধকে ধৰি কেতবোৰ সামগ্ৰীৰ জিএছটি সম্পূৰ্ণ ৰেহাই দিয়া বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীয়ে।