শ্বহীদ বীৰাংগণা কনকলতা দিৱস পালন

শ্বহীদ বীৰাংগণা কনকলতা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  যথাযোগ্য মৰ্যাদাৰে এ আই ডি এছ অ’ ৰ অসম ৰাজ্যিক কাউন্সিলৰ আহ্বানত ৰাজ্যজুৰি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাঙ্গনা কনকলতা দিৱস পালন কৰা হয়। তদুপলক্ষে লখিমপুৰ, যোৰহাট, মাজুলী,শোণিতপুৰ, নগাঁও,দৰং, নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা – মানকাছ , ধুবুৰী, কাছাৰ, কৰিমগঞ্জ জিলা সমূহত বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ গৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পুৱা ১১ বজাত গুৱাহাটীৰ ভল্ব পয়ন্টৰ সমীপত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত শ্বহীদ কনকলতা দিৱস পালন কৰা হয়। এ আই এম এছ এছ, অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা স্বৰ্ণলতা চলিহা,এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কাউন্সিলৰ প্ৰাক্তন সভাপতি প্ৰজ্বল দেব, এ আই ডি ৱাই অ’ ৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা বিজিত সিনহা , কমচোমলৰ পক্ষৰ পৰা জিংকু দলে আৰু এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা জোনমণি মিৰিয়েও গুৱাহাটীত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বক্তব্য ৰাখে স্বৰ্ণলতা চলিহাই। তেখেতে কয় যে ২০ ছেপ্টেম্বৰ ৪২ গণ আন্দোলনৰ এক চিৰস্মৰণীয় দিন। সেই দিনটোতে বৃটিছ সাম্ৰাজ্যবাদ বিৰুদ্ধে যুঁজ দিবলৈ গৈ বীৰাঙ্গনা কনকলতা আৰু মুকুন্দ কাকতিয়ে গহপুৰ থানাত পুলিচৰ গুলীত প্ৰাণদান কৰিছিল। সিদিনা ঢেকিয়াজুলিতো বহু বীৰ বীৰাঙ্গনা শ্বহীদ হৈছিল। হাজাৰ বীৰ বীৰাঙ্গনাৰ , শ্বহীদৰ বিনিময়ত দেশ স্বাধীন হ’লেও তেওঁলোকে বিচৰা শোষণ মুক্ত সমাজ আজিও গঢ়ি নুঠিল। সেয়ে আজি চাৰিওফালে হাহাকাৰ। সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱে স্বাধীন এতিয়াও হোৱা নাই। ৰাজনৈতিক ক্ষেত্ৰত ঘৃণাৰ পৰিবেশ, সাম্প্ৰদায়িক চিন্তাই মানুহবোৰক পঙ্গু কৰি তুলিছে, সংস্কৃতিৰ ক্ষেত্ৰত চৰম অৱক্ষয় আৰু অৰ্থনৈতিক ক্ষেত্ৰত ধনী আৰু ধনী হৈ আছে , দুখীয়া দিনৰ পিছত দিন দুখীয়া হৈ আছে । আজিৰ দিনত নতুন সমাজ গঢ়ি তুলিবলৈ কনকলতা দৰে বীৰ বীৰাঙ্গনাৰ প্ৰেৰণাৰে নিজক আগুৱাই লৈ যাব লাগিব। এই উদ্দেশ্যৰে এই দিৱসটো আমাৰ সংগঠনে পালন কৰে।অনুষ্ঠানৰ শেষত যোৱা ইংৰাজী ১৯ ছেপ্তেম্বৰ,২০২৫ তাৰিখে ছিংগাপুৰত সকলোৰে অতি মৰমৰ জুবিন গাৰ্গৰ আকস্মিক দুৰ্ঘটনাত হোৱা অকাল মৃত্যৰ ঘটনাত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । প্ৰস্তাৱত পাঠ কৰা হয় যে প্ৰতিবাদী সত্তাৰ অধিকাৰী জুবিন গাৰ্গে শিল্প সৃষ্টিৰ যোগেদি অসমবাসী ৰাইজৰ অতিকৈ আপোন হৈ পৰিছিল। তেওঁৰ এই অসময়ত হোৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হয়। ইয়াৰ পিছত এক মিনিট নীৰৱতা পালন কৰা হয