অমৃতকণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অমৃতকণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰংভূমি উন্নয়ন সমিতি, ৰংভূমি শিৱমন্দিৰ পৰিচালনা সমিতি, ৰংভূমিৰ ‘এনাজৰী সাহিত্য সাংস্কৃতিক মঞ্চ’ তথা ৰংভূমি, গোটানগৰৰ সমূহ আৱাসীয়ে যৌথভাৱে ৰংভূমি শিৱমন্দিৰ প্ৰাংগণত আজি সন্ধিয়া ৭ বজাত মিলিত হৈ অসমৰ সঙ্গীত জগতৰ উজ্জ্বল নক্ষত্ৰ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰংভূমিৰ সমূহ আৱাসী তথা বিভিন্ন বৰ্গৰ, বিভিন্ন ভাষা-ভাষী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ‘শ্ৰদ্ধাঞ্জলি অনুষ্ঠান’ৰ আৰম্ভণিতে অমৃতকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে ৫২ গছি মাটিৰ চাকি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ পিছত অনুস্থিত শোকসভাত এক মিনিট সময় আটায়ে মৌনতা অৱলম্বন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে অনুষ্ঠানত এটি শোকপ্ৰস্তাৱো গ্ৰহণ কৰা হয়।এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰংভূমি উন্নয়ন সমিতিৰ সভাপতি মুকুল কুমাৰ দাস আৰু সাধাৰণ সম্পাদক দিগন্ত শৰ্মাই কাকতক জনাইছে৷