জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই

জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। scuba diving ৰ সময়ত সাগৰত পৰিছিল জুবিন। গানেৰে জগত জিনি লাখ লাখ অনুৰাগীক কন্দুৱাই আমাৰ মাজৰ পৰা হেৰাই গল জুবিন গাৰ্গ। ছিংগাপুৰত নর্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ আজি দুপৰীয়া দুঃসাহসিক স্কুবা ড্রাইভিঙ (scuba diving)ত অংশগ্ৰহণৰ সময়তে ঘটিল এই অঘটনটো। ছিংগাপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন ভাৱে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও জুবিন গাৰ্গক জীয়াই ৰাখিব নোৱাৰিলে। সাগৰৰ মাজত আজি দিনৰ প্ৰায় ১-১০ বজাত দুৰ্ঘটনাত পতিত হয় তেওঁ ৷ অচেতন হৈ পৰে শিল্পীগৰাকী ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ । অসমৰ কোনো লোকে কোনো কালে নভবা এই ঘটনাই জোকাৰি গৈছে। লাখ লাখ অনুৰাগীৰ হৃদয় উকা কৰি তেওঁ গলগৈ অজান দেশলৈ। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে লগেই গায়কগৰাকীৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে ৷ সকলোৱে যেন মানি ল’ব পৰা নাই যে এনেদৰে অকস্মাৎে সকলোকে একপ্ৰকাৰ স্তব্ধ-নিৰ্বাক কৰি চিৰদিনলৈ আৰু ঘূৰি নাহে সকলোৰে নয়নৰ মণি, সকলোৰে প্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ ইতিমধ্যেই ৰাস্তাই ঘাটে ওলাই আহিছে জুবিনৰ অগণন ফেন, তেওঁৰ ভাল পোৱা অনুৰাগী ৷ সকলো আজি ম্ৰিয়মাণ, ক’বলৈ একো ভাষা বিচাৰি পোৱা নাই ৷ জুবিনক এনেদৰে হেৰুৱাই আজি একপ্ৰকাৰ শূন্য হৈ পৰিছে অসম ৷