মাধৱদেৱৰ অমৰ সৃষ্টি – ছেলিমা বেগম 

মাধৱদেৱৰ অমৰ সৃষ্টি

ছেলিমা বেগম 
নগাঁও

গুৰু মাধৱদেৱ আকৌ
এবাৰ আহি শঙ্কৰদেৱৰ
সৈতে অসম গঢ়ি তুলি লোৱা।
অসমৰ বিভিন্ন জনগোষ্ঠীৰ
মাজত মিলনৰ এনাজৰী বান্ধি দিয়া।
আজান ফকীৰৰ সৈতে জাত পাত
 আঁতৰাই অসম সুৰক্ষিত কৰা ।
আজিৰ অসমীয়া নিজকে
 পাহৰি পেলাই তোমাৰ
অসীম গুণ হেৰাই আছে।
আসমী আইৰ ৰিহাৰ আচঁল খনত
অসমীয়া ভাষাৰ জ্ঞানৰ ভাণ্ডাৰ বান্ধি দিয়া।
তোমাৰ অমৰ সৃষ্টি অসমীয়া
 সমাজত আজিও আছে জীয়াই।